/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b10628da-777e-4765-9481-5de71123db64/laikhuta.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ধেমাজিবাসী ৰাইজৰ সহযোগত চলিত মাহৰ অহা ২৩,২৪ আৰু ২৫ ডিচেম্বৰত তিনিদিনীয়াকৈ বনাঢ্য কাৰ্য্যসূচীৰে ধেমাজি তেলিজান আন্তঃজিলা বেচৰকাৰী বাছ আস্হান প্ৰাঙ্গণৰ গংগাধৰ গগৈ ক্ষেত্ৰত বিহু সুৰক্ষা সমিতি অসমৰ ষষ্ঠ দ্বি- বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিৱেশন অনুষ্ঠিত হ'ব ৷
এই উপলক্ষে দেওবাৰে অসমৰ বিভিন্ন স্থানৰ পৰা অহা বিহু সুৰক্ষা সমিতিৰ কৰ্মী আৰু বিষয়ববীয়া সকলে আনুষ্ঠানিকভাৱে বিহুৰ ওখল মাখল পৰিবেশেৰে ষষ্ঠ দ্বি -বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে ৷ কাৰ্য্যসূচীৰ অন্তত একেই স্থলিতে অনুষ্ঠিত কৰা হয় এখন সংবাদ মেলৰ ।
সংবাদমেলত বিহু সুৰক্ষা সমিতি অসমৰ ষষ্ঠ দ্বি-বাৰ্ষিক পূৰ্ণকালীন কেন্দ্ৰীয় অধিৱেশনৰ ধেমাজি আদৰণি সমিতিৰ সভাপতি পবিত্ৰ সন্দিকৈ, কাৰ্য্যকৰী সভাপতি প্ৰণিতা গগৈ, সম্পাদক দেৱ কাকতি, ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰদীপৰঞ্জন দত্ত, বিহু সুৰক্ষা সমিতি অসমৰ প্ৰধান সম্পাদক পবিত্ৰ মহন ফুকন , লোকশ্ৰী বটাঁ প্ৰাপক তথা বিহু গৱেষক বিমলা গগৈ গোহাঁইকে, বিহু সুৰক্ষা সমিতি অসমৰ কৰ্ণধাৰ সমিতিৰ সদস্য কুশৰাম সোনোৱাল, সাংস্কৃতিক সম্পাদক ৰোহিনী বৰগোহাঁই, প্ৰচাৰ সম্পাদক কৃপাল ফুকন, উপ-সভাপতি অতুল দত্ত, ঘাই ঢুলীয়া মুনিন্দ্ৰ শইকীয়াকে ধৰি বিহু সুৰক্ষা সমিতিৰ অসমৰ বিভিন্ন জিলাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷
সংবাদমেলত বিষয়ববীয়া সকলে অধিৱেশনৰ প্ৰস্তুতি সম্পকে অৱগত কৰাৰ লগতে অধিৱেশনত অসমৰ ২৭ জিলাৰ বিহু সুৰক্ষা সমিতি বিষয়ববীয়া আৰু কৰ্মী সকলে সহযোগিতা আগবঢ়াইছে বুলি উল্লেখ কৰে ৷ সংবাদমেলত এইবছৰৰ বাবে বিহু সুৰক্ষা সমিতি অসমে তামুলপুৰৰ সোনবৰ বৰুৱাক লোকশ্ৰী বঁটা -২২, যোৰহাটৰ ৰোহিনী শইকীয়াক আনন্দ দাস - ২২ বঁটা, ডিব্ৰুগড় জিলাৰ অৰুণ কুমাৰ বৰদলৈক মইমত টাটিঙা বঁটা ২২, বৰপেটা জিলা অমিয়া দাসক চেনিমাই - ২২ বঁটা, গোলাঘাট জিলা বোকাখাতৰ ধনেশ্বৰ শইকীয়াক ম'ঘাই ওজাঁ বঁটা-২২, ঢলা শদিয়া মানিক মৰাণক অসম শ্ৰেষ্ঠ কৃষক বটাঁ-২২ ৰ সৈতে মুঠ ৬টা বঁটা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।
আৰু পঢ়ক : যুদ্ধৰ বিৰুদ্ধে মাত মতাৰ বাবেই কাৰাদণ্ড ৮ বছৰৰ বাবে...