/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ac0ebd20-0a0a-4c4c-94ff-9997793f405d/uyyyy.jpg)
ডিজিটেল ডেস্কঃ সমাগত ৰঙালী বিহু। সমগ্র ৰাজ্যতে এতিয়া অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি চলিছে। ঢোল, পেঁপা , গগনাৰ মাতে এতিয়া ৰজন জনাইছে সমগ্ৰ অসম । ব্যতিক্ৰম নহয় নগাঁৱৰ বঢ়মপুৰৰ সমীপৱৰ্তী জলাহগাঁৱৰ এগৰাকী শিল্পীও । অতি দৰিদ্ৰ পৰিয়ালৰ শিল্পীগৰাকী এতিয়া ব্যস্ত সংস্কৃতি চর্চাত ।
বঢ়মপুৰ জলাহগাঁৱৰ শিল্পী ৰাজু শইকীয়া আৰ্থিক দীনতাৰ মাজতো সংস্কৃতিৰ চৰ্চা কৰি আহিছে। প্ৰচাৰবিমুখ শিল্পীজনৰ সৰুৰেপৰাই আছিল সংস্কৃতি চৰ্চাৰ প্ৰতি অগাধ ধাউতি। সেয়েহে হাজাৰ প্ৰত্যাহ্বানকো নেওচি সৰুৰে পৰা আজি পৰ্য্যন্ত এইগৰাকী শিল্পীয়ে চলাই গৈছে সংস্কৃতি চৰ্চা । ঢোল , খোল , তাল , নাগাৰা সকলো বাদ্যই বজাব জানে ঢোলৰ ওজা সোমনাথ বৰাৰ শিষ্য ৰাজু শইকীয়াই । কিন্তু কেতিয়াবা থমকি ৰ'ব লগা হয় শিল্পীগৰাকী , কিয়নো প্ৰতিটো খোজতেই তেওঁ সন্মুখীন হয় টকা-পইচাৰ অভাৱৰ ।
বিভিন্ন সময়ত চৰকাৰী পক্ষক বিভিন্ন আবেদন-নিবেদন কৰি আহিছিল যদিও শিল্পীগৰাকীয়ে আজি পৰ্যন্ত লাভ কৰা নাই কোনো চৰকাৰী সা-সুবিধা । কিন্তু তাৰ মাজতেই শিল্পী গৰাকীয়ে বঢ়মপুৰৰ সমীপৰ হালোৱাগাঁও চাৰিআলিত পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ভেৰভেৰী মজলীয়া আৰু প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থাপনাত আয়োজন কৰিছে এখনি ঢোল আৰু বিহু নাচৰ কৰ্মশালা ।
ইতিমধ্যে উক্ত কৰ্মশালাখনত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০০ গৰাকীতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে । এই কৰ্মশালাখনৰ অন্তত অহা ১৬ এপ্ৰিলত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিহু প্ৰদৰ্শন কৰা হ'ব বুলি ৰাজু শইকীয়াই এই প্ৰতিবেদকক জানিবলৈ দিছে । ইতিমধ্যে ৰাজু শইকীয়াৰ এই পদক্ষেপ দেখি তেওঁক বহুলোকে সহায়ৰ হাত আগবঢ়াইছে।
এতিয়া পৰৱৰ্তী সময়ত এইজন শিল্পীক চৰকাৰী পক্ষই কেনেদৰে সহায় কৰে সেয়াহে লক্ষণীয় হ'ব ।তাৎপৰ্যপূৰ্ণ যে , এই কৰ্মশালাখনত ৮ গৰাকী ইছলাম ধৰ্মাৱলম্বী যুৱতীয়েও নাচনী হিচাপে অংশগ্ৰহণ কৰিছে। সাম্প্ৰতিক সময়ত একাংশ লোকে ৰাজনৈতিক স্বাৰ্থত হিন্দু-মুছলমানৰ মাজত বিভেদ আনিব বিচৰাৰ সময়ত ই এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে ।
Also Read: অমৃত পাল সিঙৰ ওপৰত NSA আৰোপ : কি আছে এই কঠোৰ আইনত?