অমৃত পাল সিঙৰ ওপৰত NSA আৰোপ : কি আছে এই কঠোৰ আইনত?

পঞ্জাৱ আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই 'ৱাৰিজ পঞ্জাৱ দে'ৰ নেতা অমৃত পাল সিঙক। পঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দি বাইকেৰে পলায়ন কৰিছিল অমৃত পাল সিঙে।
অমৃত পাল সিঙৰ ওপৰত NSA আৰোপ : কি আছে এই কঠোৰ আইনত?

ডিজিটেল ডেস্কঃ পঞ্জাৱ আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই 'ৱাৰিজ পঞ্জাৱ দে'ৰ নেতা অমৃত পাল সিঙক। পঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দি বাইকেৰে পলায়ন কৰিছিল অমৃত পাল সিঙে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বাইক খন। ইতিমধ্যে 'ৱাৰিছ পঞ্জাৱ দে'ৰ ১০০ জনৰো অধিক সদস্য় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মঙলবাৰে পঞ্জাৱ চৰকাৰে আদালতক কয় যে যে অমৃতপাল সিঙৰ ওপৰত ৰাষ্ট্ৰীয় সুৰক্ষা আইন (এনএছএ) জাৰি কৰা হৈছে। অসমৰ কাৰাগাৰত ৰখা অমৃতপালৰ চাৰিজন সহযোগীৰ ওপৰতো এই আইন আৰোপ কৰা হৈছে।

কি হয় ৰাষ্ট্ৰীয় সুৰক্ষা আইন?

ৰাষ্ট্ৰীয় সুৰক্ষা আইন (এনএছএ) এনে আইনৰ অধীনত এনে এজন ব্যক্তিক আটক কৰিব পাৰি যাৰ দ্বাৰা বিশেষ ভাবুকি আহি পৰা দেখা যায়। যদি চৰকাৰে ভাৱে যে কোনো ব্যক্তি দেশৰ বাবে বিপদজনক তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে।

দেশৰ নিৰাপত্তাৰ বাবে চৰকাৰক অধিক ক্ষমতা দিয়াৰ লক্ষ্যৰে ১৯৮০ চনত এই আইন বনোৱা হৈছিল। চৰকাৰে যদি ভাৱে দেশৰ সুৰক্ষাৰ বাবে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা আৱশ্যক তেন্তে গ্ৰেপ্তাৰ কৰিব পাৰে। অৰ্থাত যিকোনো সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰে।

এই আইন অনুসৰি, সন্দেহজনক ব্যক্তি এজনক ৩ মাহৰ বাবে জামিন অবিহনে আটক কৰিব পাৰি আৰু ইয়াৰ ম্যাদও বৃদ্ধি কৰিব পাৰি। আনকি কিহৰ বাবে আটক কৰিলে তাৰ অভিযোগ দাখিল নকৰিলেও হয়। আটকৰ ম্যাদ ১২ মাহলৈ বৃদ্ধি কৰিব পাৰি।

লগতে আটকাধীন ব্যক্তিজনে উচ্চ ন্যায়ালয়ৰ পৰামৰ্শদাতাৰ সন্মুখত আবেদন কৰিব পাৰে । লগতে ৰাজ্য চৰকাৰে জনাব লাগিব যে ব্যক্তি জনক আটক কৰা হৈছে।

অমৃত পাল সিঙৰ ওপৰত NSA আৰোপ : কি আছে এই কঠোৰ আইনত?
প্রাগজ্যোতিষ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দীপাংকৰ দাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in