গৰ্ভৱতী মহিলাৰ মৃত্যুক লৈ উত্তপ্ত বিহপুৰীয়াৰ সামূহিক চিকিৎসালয়...

বিহপুৰীয়াৰ ত্ৰিশখন বিচনাযুক্ত সামূহিক চিকিৎসালয়ত শুকুৰবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়
bihpuria
bihpuria

ডিজিটেল সংবাদ, বিহপুৰীয়া : বিহপুৰীয়াৰ ত্ৰিশখন বিচনাযুক্ত সামূহিক চিকিৎসালয়ত শুকুৰবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বদতি জামুগুৰিৰ দুই নম্বৰ দহঘৰীয়াৰ স্বপ্না দলে নামৰ এগৰাকী প্ৰসূতিৰ বিনা চিকিৎসাই মৃত্যু হোৱাৰ অভিযোগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ তথা আত্মীয়ই ৷

নাৰায়ণপুৰ বালি গাঁৱৰ গুণাৰাম দলেৰ পত্নী তথা দহঘৰীয়াৰ জীয়ৰী স্বপ্নাক আজি পুৱাই ঘৰৰ মানুহে বিহপুৰীয়া চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসক অনু সোনোৱালে প্ৰসূতি গৰাকীক স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে নাৰ্ছৰ ওপৰত সমস্ত দায়িত্ব অৰ্পন কৰাৰ পৰিণতিতে সন্তান প্ৰসৱ নকৰাকৈয়ে মহিলা গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ মিচিং ছাত্ৰ সংগঠন টিএমপিকে য়ে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তদন্তৰ দাবী জনাইছে ৷

ৰাজ্যৰ স্বাস্থ্য বিভাগে স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নতি হোৱা বুলি দাবী কৰি অহাৰ সময়তে বিনা চিকিৎসাই এগৰাকী গৰ্ভৱতীৰ মৃত্যু হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চিকিৎসালয়ত দণ্ডাধীশৰ লগতে বিহপুৰীয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in