/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0e5fed6a-5760-4de2-9dbd-d8ed2a18babc/10.jpg)
ডিজিটেল সংবাদ, বিহপুৰীয়াঃ অষ্টমীৰ নিশা বিহপুৰীয়া নগৰত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়৷ ব্যৱসায়ী দম্পতীক প্ৰহাৰ কৰি আহত কৰিলে সুৰাপায়ী ৫ উদণ্ড যুৱকে৷ পূজাৰ ভিৰৰ মাজত আৰক্ষীৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনা ৷
ব্যৱসায়ী সঞ্জু ক্ষেত্ৰী, তেওঁৰ পত্নী কলাৱতী ক্ষেত্ৰী আৰু বিষ্ণু ক্ষেত্ৰীক ৰদ লাঠীৰে প্ৰহাৰ কৰে সুৰাপায়ী যুৱকৰ দলে৷ গুৰুতৰভাৱে আহত হয় ব্যৱসায়ী দম্পতী সঞ্জু ক্ষেত্ৰী আৰু কলাৱতী ক্ষেত্ৰী ৷
ইতিমধ্যে বিহপুৰীয়া আৰক্ষীয়ে আটক কৰে ৩ উদণ্ড যুৱকক ৷ আটকাধীন যুৱক কেইজন নাৰায়ণপুৰ জৰাবাৰী গোসাঁইবাৰীৰ পুলক শইকীয়া, অনুপম শইকীয়া আৰু অপূৰ্ব শইকীয়া বুলি জানিব পৰা গৈছে ৷ লগতে পুলক শইকীয়া অৰুণাচল পুলিচত কৰ্মৰত বুলিও জানিব পৰা গৈছে ৷ বৰ্তমান এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷
Also Read: "জয় শ্ৰী ৰাম" ধ্বনি দি এবিএমছুৰ সভাপতিৰ বাসগৃহত আক্ৰমণ দুৰ্বৃত্তৰ