"জয় শ্ৰী ৰাম" ধ্বনি দি এবিএমছুৰ সভাপতিৰ বাসগৃহত আক্ৰমণ দুৰ্বৃত্তৰ

"জয় শ্ৰী ৰাম" ধ্বনি দি এবিএমছুৰ সভাপতিৰ বাসগৃহত আক্ৰমণ দুৰ্বৃত্তৰ

author-image
Asomiya Pratidin
New Update
"জয় শ্ৰী ৰাম" ধ্বনি দি এবিএমছুৰ সভাপতিৰ বাসগৃহত আক্ৰমণ দুৰ্বৃত্তৰ

ডিজিটেল ডেস্কঃ মহাষ্টমীৰ নিশা তামুলপুৰৰ দাৰকুচিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।এবিএমছুৰ সভাপতি টাইচন হুছেইনৰ ঘৰত দুৰ্বৃত্তৰ আক্রমণক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে, দাৰকুচি দুৰ্গাপূজাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত সংঘাতত লিপ্ত হয় কেইজনমান যুৱকে। পথত টায়াৰ জ্বলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ লোকে।

Advertisment

উল্লেখ্য যে, জয় শ্ৰী ৰাম শ্লোগান দি এবিএমছুৰ সভাপতি টাইচন হুছেইনৰ ঘৰলৈ শিলগুটি নিক্ষেপ কৰে উদণ্ড যুৱকে। দাৰকুচিস্থিত এবিএমছুৰ কাৰ্যালয়ো লণ্ড-ভণ্ড কৰে দুৰ্বৃত্তৰ দলটোৱে।

দুৰ্বৃত্তৰ দলটোক নেতৃত্ব দিছিল আৰ এচ এচৰ কেডাৰে নেতৃত্ব দিয়াৰ অভিযোগ উত্থাপিত হৈছে। পৰৱৰ্তীসময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰ্ বুলি জানিব পৰা গৈছে।

Also Read: শাৰদীয় পূজা উপলক্ষে গৌৰীনাথ শিৱমন্দিৰত সাংস্কৃতিক অনুষ্ঠান

abamsu