ৰাজ্যত পুনৰ নাৰী সৰবৰাহৰ ঘটনা...

ৰাজ্যত পুনৰ নাৰী সৰবৰাহৰ ঘটনা...

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত নাৰী সৰবৰাহৰ ঘটনা। এইবাৰ ধুবুৰীৰ বিলাসীপাৰাত নাৰী সৰবৰাহকাৰীৰ কৱলত পৰিছে এগৰাকী মহিলা। ম্যানমাৰৰ নাৰী সৰবৰাহকাৰীয়ে অপহৰণ কৰিছে মহিলাগৰাকীক। ঘটনাৰ সন্দৰ্ভত বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীৰ স্বামীয়ে।

স্বামীৰ অভিযোগ অনুসৰি মহম্মদ জাহেদ নামৰ লোকজনে অপহৰণ কৰিছে দুটা সন্তানৰ মাতৃগৰাকীক। উল্লেখ্য যে, নাৰী সৰবৰাহকাৰী চক্রটোৰ মূল নায়ক জাহেদৰ ঘৰ ম্যানমাৰত বুলি জানিব পৰা গৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ৰাজ্যত পুনৰ নাৰী সৰবৰাহৰ ঘটনা...
নগাঁও কলেজত বিশ্ব উদ্যমিতা দিৱস উদযাপন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in