বিহালীৰ ৰাংছালী কাছকটাত মহিলা আক্ৰমণৰ ঘটনাকলৈ চাঞ্চল্য

বিহালীৰ ৰাংছালী কাছকটাত মহিলা আক্ৰমণৰ ঘটনাকলৈ চাঞ্চল্য

author-image
Asomiya Pratidin
New Update
বিহালীৰ ৰাংছালী কাছকটাত মহিলা আক্ৰমণৰ ঘটনাকলৈ চাঞ্চল্য

ডিজিটেল সংবাদ, বিহালীঃ ১৮ অক্টোবৰ নিশা প্ৰায় ৮•৩০ মান বজাত বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালী কাছকটাত মহিলা আক্ৰমণৰ ঘটনাকলৈ আজিও অব্যাহত আছে চাঞ্চল্য ৷ তথ্য মতে ১৮ অক্টেবৰৰ নিশা বিহালীৰ ৰাংছালী গাওঁৰ নামঘৰৰ পৰা স্ব-গৃহলৈ বুলি গাঁৱলীয়া পথৰে গৈ থকাৰ সময়ত আন্ধাৰৰ সুযোগলৈ কোনো অচিনাক্ত দুৰ্বৃত্তই ধনলতা হাজৰিকা (৩৮) নামৰ মহিলা গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ফলত মহিলা গৰাকী গুৰুতৰভাৱে আহতহৈ গুৱাহাটীৰ এক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে৷

Advertisment

ইপিনে ঘটনা সন্দৰ্ভত বিশ্বনাথ জিলা আৰক্ষী বিষয়াৰ নেতৃত্ব বিহালী আৰক্ষীয়ে তদন্ত চলাই ১৯ তাৰিখে পুৱা ৰাংছালী কাছকটা গাওঁৰ অদিত দাস (৩০)নামৰ যুৱক এজনক সোধ-পোছৰ বাবে আটক কৰে ৷ বিহালী আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰা অদিত দাস নামৰ যুৱকজনক বিশ্বনাথ আৰক্ষীয়ে ২৪ ঘন্টা ধৰি আৰক্ষী থানাত মাৰাথান জেৰা কৰাৰ পিছত পুনৰ বিশ্বনাথ ন্যায়িক আদালত হাজিৰ কৰাই পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় ৷

আনহাতে , মহিলা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত আটক কৰা যুৱক জনৰ পৰিয়ালে অভিযোগ কৰিছে যে নিৰপৰাধী যুৱক জনক গভীৰ ষড়যন্ত্ৰৰ বলি হৈছে ৷ কোনো,সুবিধাবাদী দুষ্ট চক্ৰই ব্যক্তিগত শত্ৰুতা পুৰণৰ বাবে চক্ৰান্তৰে আৰক্ষীক তথ্য যোগান ধৰাৰ পৰিপ্ৰেক্ষিত্বত আৰক্ষীয়ে কোনো প্ৰাথমিক তদন্ত নকৰাকৈ যুৱকজনক অযথা হাৰাশাস্তি কৰিছে বুলি পৰিয়ালৰলোকে দাবী কৰিছে৷

পৰিয়ালৰলোকে সদৰি কৰা মতে মহিলা আক্ৰমণৰ অভিযোগত অভিযুক্তত তথা আটকাধীন যুৱক অদিত দাস (৩০) নিজা বাসগৃহতে উপস্থিত আছিল ৷ জঘন্য আক্ৰমণৰ বলি হোৱা মহিলা গৰাকীৰ পৰিয়ালৰে কোনো ব্যক্তিগত আক্ৰোশ নথকা তথা সু-সম্পৰ্কৰে সহজ-সৰল সাংসাৰিক জীৱন নিৰ্বাহ কৰি অহা যুৱকজনক তথ্যহীনভাৱে আৰক্ষীয়ে হাৰাশাস্তি প্ৰদান কৰাত পৰিয়ালটো মানসিকভাৱে ভাগৰি পৰিছে ৷ তদুপৰি ,অকাৰণতে হত্যাকাণ্ডৰ দৰে জঘন্য অপৰাধত সাঙোৰ খোৱাই এদিন আৰক্ষীৰ লক্ আপত কটোৱাৰ ওপৰিও পুনৰ দুদিন তদন্তৰ নামত আৰক্ষীৰ জিম্মাত থাকিব লগাটো হোৱাত পৰিয়ালটোৰ মান মৰ্যদাটো আঘাত পৰিছে ৷

আনহাতে , মহিলা আক্ৰমণৰ ঘটনাটো আন কোনো দুৰ্বৃত্তই সংঘটিত কৰা বুলি চৰ্চা দাবী কৰিছে পৰিয়ালটোয়ে ৷ পৰিয়ালটোৰ দাবী আৰক্ষীয়ে মহিলা আক্ৰমণৰ সন্দেহত ৰাংছালী কাছকটা গাওঁৰ এজনলোকৰ বাসগৃহত তালাচী চলোৱা হৈছে যদিও অদ্যাপিও বনিয়া উপাধীৰ লোকজনক আৰক্ষীয়ে আটক কৰি সোধ-পোছ পৰ্যন্ত নকৰাৰ অভিযোগ তুলিছে৷

পৰিয়ালটোৱে দাবী কৰামতে , আৰক্ষীয়ে ৰাংছালী-কাছকটা গাওঁৰ বনিয়া উপাধিৰ লোকজনক আটক কৰি ক্ষীপ্ৰ তদন্ত কৰিলেও প্ৰকৃত অপৰাধীৰ তথ্য পোহৰলৈ আহিব ৷ কিন্তু অদ্যাপি বিহালী আৰক্ষীয়ে বনিয়া উপাধিৰলোক জনক আটক কৰি তদন্ত কৰা নাই বিপৰীতে নিৰপৰাধী যুৱক জনক তথ্যহীনভাৱে জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে বুলি অভিযোগ কৰি বিশ্বনাথ জিলা আৰক্ষীৰ ন্যায় বিচাৰিছে পৰিয়ালটোৱে।

Also Read: ২০,০০০ ফুট উচ্চতাত ডিউটি! প্ৰচণ্ড ঠাণ্ডাত প্ৰাণ গ'ল অগ্নিবীৰৰ

Assam police