/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/v60fef0c/46197854910617862320691382876372273848863020n.jpg)
ডিজিটেল ডেস্ক : আজিৰ পৰা বিহালীয়ে লাভ কৰিলে সম জিলাৰ অধিকাৰ। অসম চৰকাৰৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বিহালী সমজিলাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/e5gi7shk/46214764110617861354024811939564381332190520n.jpg)
মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ হাৰিব, ২০১৪ চনৰ পৰা প্ৰতিটো নিৰ্বাচনতে তেওঁলোক হাৰি আছে বুলি মন্তব্য কৰে। ইফালে কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ কোনো এজন নেতাই অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে,তাৰ বাবে আনন্দ প্ৰকাশ কৰা নাই। কংগ্ৰেছৰ কোনো এজন নেতাই শলাগ লোৱা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/8dyf3hcf/46200018310617859154025034086807979272079889n.jpg)
কংগ্ৰেছে অসমীয়াৰ ভাল হোৱাটো নিবিছাৰে। কংগ্ৰেছে অসমীয়া আগুৱাই যোৱাটো নিবিচাৰে। সেয়েহে ৰাইজেও কংগ্ৰেছক পাহৰিছে। আনফালে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ঙ খাৰ্গেই টুইটযোগে মুখ্যমন্ত্ৰীক কৰা প্ৰশ্নৰ উত্তৰো প্ৰদান কৰে মন্ত্ৰী হাজৰীকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/f6grsz7t/46212021910617860120691608919523479387245457n.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে প্ৰশাসনিক কাৰ্যসমূহ অধিক উন্নত, গতিশীল তথা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অসমৰ প্ৰশাসনীয় ব্যৱস্থাত নতুনকৈ সংযোজন কৰা হৈছে সমজিলা। সমজিলা হৈছে প্ৰশাসনিক দক্ষতা বৃদ্ধি তথা ৰাইজলৈ সময়মতে অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টাৰে জিলাৰ ভিতৰৰ এক ক্ষুদ্ৰ প্ৰশাসনিক গোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/or8ui4b5/46197670210617860020691618183210936689125502n.jpg)
নতুনকৈ গঠন হোৱা মুঠ ৩৯খন সমজিলাৰ ভিতৰত বিশ্বনাথ জিলাৰ বিহালী সমজিলা শুকুৰবাৰে মন্ত্ৰী হাজৰীকাই শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক ক্ৰমে প্ৰমোদ বৰঠাকুৰ আৰু দিগন্ত কলিতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-04/e64e68rc/46220796110617878487356435941960579313895292n.jpg)
লগতে প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকাৰ উপস্থিতিত বৰগাঙত বিহালী সমজিলা উদ্বোধন কৰি সকলোকে অভিনন্দন জ্ঞাপন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। সমজিলাৰ সৈতে সংগতি ৰাখি এটা সমজিলা আয়ুক্তৰ কাৰ্যালয়ো উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে।
Also Read: আইৰ মুখৰ ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি