কিছুমান প্ৰাপ্তিয়ে সঁচাকৈ আনন্দিত কৰে। এই আনন্দৰ সমভাগী হয় এখন সমাজ, এটা জাতি। যদিহে এই প্ৰাপ্তি যুগজয়ী হয় তেন্তে জাতিৰ বুকুত সোণাৱালী শইচৰ বীজ অংকুৰিত হয়। আশা - প্ৰত্যাশাৰে ভৰি পৰে সমগ্ৰ জাতি তথা সৰ্বাসাধাৰণ।
যি জাতিয়ে স্বাভিমান বুকুত বান্ধি দোকমোকালি পুৱা দেখে আশাৰ কিৰণ। এই আশা, এই পোহৰে পুলকিত কৰে সৰ্বসাধাৰণক। যাৰ কিৰণত জাতিয়ে দেখে অনাগত ভৱিষ্যতৰ সপোন।
এটা ভাষা, এটা জাতিৰ পৰিচয়ৰবাহক। ভাষা-সংস্কৃতি জাতিৰ মেৰুদণ্ড সদৃশ। ভাষা দুৰ্বল হোৱা মানে ধেনুভেৰীয়া হৈ পৰে এটা জাতি। এক কথাত- ভাষা নাথাকিলে জাতিৰ অস্তিত্বয়েই বা ক’ত !
অসমীয়া ভাষা। বহু ঘাট- প্ৰতিঘাত নেওচি ঠন ধৰি উঠা এটা ভাষা। কিমান যে উত্থান- পতনৰ মাজেৰে আহি আহি আজিৰ অৱস্থাত উপনীত হৈছে আইৰ মুখৰ ভাষাটি। সময় নদীৰ অত- তত খুন্দা খাই কত যে শব্দৰ সৃষ্টি হ’ল। কিমান যে সাহিত্যৰ সৃষ্টি হ’ল তথাপি বহু সময়ত, বহু ক্ষেত্ৰত অসমীয়া ভাষাই সন্মুখীন হৈ আহিছে প্ৰত্যাহ্বানৰ।
প্ৰাক শংকৰী, শংকৰী অথবা শংকৰোত্তৰ যুগৰ সময়ছোৱাত অসমীয়া ভাষা স্বমহিমাৰে মহিমামণ্ডিত হৈছিল যদিও ইংৰাজ অথবা বঙালৰ আগ্ৰাসনে বাৰুকৈ ক্ষতি কৰিছিল এই অসমীয়া ভাষাক। অসমতে এপ্ৰকাৰ এলাগী হৈ ৰৈছিল অসমীয়া ভাষা।
ক’ৰ্ট, কাছাৰীকে ধৰি বিভিন্ন চৰকাৰী কাৰ্যালয়ত মুখ থেকেচা খাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল অসমীয়া ভাষা। তদানীন্তন শাসক বৃটিছক বঙালীসকলে বুজনি দিছিল যে অসমীয়া বুলি কোনো নিৰ্দিষ্ট ভাষা নাই। ই বঙালীৰ অপভ্ৰংশহে মাত্ৰ। দশকৰ পাছত দশক ধৰি চলিছিল এই অপপ্ৰচাৰ। তথাপি এই কথাকে মানি লৈ বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে অফিচ- কাছাৰীসমূহত ঠাই দিছিল বৃটিছে।
বুকুত ক্ষোভৰ উদগীৰণে বাৰুকৈ দহিছিল সেই সময়ৰ অসমীয়া তথা অসমীয়া ভাষিক সকলক। ঘৰৰ মাটিত অৱহেলিত, নিষ্পেষিত হোৱা পৰিৱেশে চুই গৈছিল সকলোকে।
ভাষা উদ্ধাৰৰ অভিযানত নামি পৰিছিল সকলোৱে। জন্ম হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা, গঢ়ি তোলা হৈছিল ভাষা আন্দোলন, প্ৰকাশ কৰা হৈছিল জোনাকী, বাঁহী আদিৰ দৰে অসমীয়া ভাষাক হাড়ে- হিমজুয়ে প্ৰতিনিধিত্ব কৰা আলোচনী তথা কাকত।
অৱশ্যে ইয়াৰ আগেয়ে মিছনেৰীসকলে অসমীয়া ভাষাৰ কাৰণে যোগোৱা বৰঙণি উল্লেখনীয়। এই অৱদানৰ অন্যতম চানেকী অৰুণোদই কাকত। সমান্তৰালকৈ নাম ল’ব পাৰি ১৮৩৯ চনত উইলিয়াম ৰবিন্সনে ৰচনা কৰা A Grammar of the Assamese Languageৰ নাম। ইয়াৰ পাছতে ১৮৪৮ চনত ড০ নাথান ব্ৰাউনে ৰচনা কৰা Grammatical Notes on the Assamese Language। এইখন আছিল অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যাকৰণ।
ভাষা উদ্ধাৰৰ এই যুঁজত সাৰ পানী যোগেৱা অন্যতম পুৰোধা আৰু আজিৰ প্ৰাতঃ স্মৰণীয় ব্যক্তিগৰাকী হৈছে হেমচন্দ্ৰ বৰুৱা। অসমীয়া ভাষাত প্ৰথমখন ব্যাকৰণ ৰচনা কৰিছিল হেমচন্দ্ৰ বৰুৱাই। তেঁও ১৮৫৯ চনত অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনা কৰি মৰহিব ধৰা অসমীয়া ভাষাৰ মুখত দিছিল অমৃত সুধা।
পাছৰ সময়ছোৱাত এই যুঁজৰ অন্যতম সেনানী আছিল- লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা, গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন আদিৰ দৰে মনিষীসকল। মুঠতে যিকোনো প্ৰকাৰে ভাষা ৰক্ষাৰ যুঁজত জয়ী হোৱা বাসনাৰ অনল শিখাই সকলোকে স্পৰ্শ কৰিছিল।
প্ৰতিজন স্বনামধন্য, অগ্ৰজ, প্ৰাতঃ স্মৰণীয় নমস্য ব্যক্তি জপিয়াই পৰিছিল ভাষা ৰক্ষাৰ যুঁজত। এইসকল লোকৰ আশাশুধীয়া প্ৰচেষ্টা, নিৰলস সাধনা, বিশ্বমুখী চিন্তা আৰু চেতনাৰ যুগজয়ী ফচলৰ সুবাদতে আজিৰ এই অৱস্থাত উপনীত হৈছে অসমীয়া ভাষা।
কালক্ৰমত আজি অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ’লগৈ ১.৩০ কোটিৰো অধিক। এটা মেটমৰা অসমীয়া সাহিত্যৰ ভঁৰালৰ অধিকাৰী আজি অসমীয়া জাতি।
সাহিত্য, গীতি সাহিত্য, সংবাদ সাহিত্য, কৃষ্টি –সংস্কৃতি, গল্প, কবিতা, উপন্যাস, আলোচনী, চুটি গল্প, কথা কবিতা, চিনেমা, নাটক, ভাওনা, হাস্য-ব্যংগ সাহিত্য, লোক সাহিত্য, মৌখিক সাহিত্য ইত্যাদি সকলোতে বিৰাজমান অসমীয়া ভাষা। সকলো উপাদানেৰে ভৰপূৰ এটা মেটমৰা ভঁৰালৰ নামেই অসমীয়া ভাষা।
উল্লেখিত সকলো উত্থান –পতন, ঘাত- প্ৰতিঘাত নেওচি আজি অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰূপে স্বীকৃত হ’ল। ভাৰতৰ অন্যতম প্ৰাচীন ভাষাৰূপে কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ ছীল- মোহৰ লগালে।
৩ অক্টোবৰ ২০২৪ত কেন্দ্ৰীয় কেবিনেটে অসমীয়া আৰু দেশৰ অন্য ৪টা ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিলে। ভাষাকেইটা হৈছে- অসমীয়া, মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষা।
অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভৰ কৰাৰ আনন্দ হয়তো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। এই দিনটো অসম আৰু অসমবাসীৰ বাবে চিৰস্মৰণীয় দিন হৈ ৰ’ব !
অসম আৰু অসমীয়া ভাষাক অন্তঃকৰণেৰে ভালপোৱা প্ৰতিজন অসমীয়াৰ বাবে ই হৈ ৰ’ব মাহেন্দ্ৰ ক্ষণ। এই প্ৰাপ্তি সমাজৰ, এই প্ৰাপ্তি এটা জাতিৰ প্ৰাপ্তি। এই সুখত হয়তো কোনোবাখিনিত নিগৰি আহে আনন্দৰ অশ্ৰু। যি অশ্ৰুত বাখৰ হৈ জিলিকে সঞ্জীৱনী মুকুতা।
কিমানৰ ত্যাগ, কিমানৰ কষ্ট, অধ্যাৱসায়, একাগ্ৰতাৰ ফচলৰূপে আজি অসমীয়া ভাষা এই পৰ্যায়ত উপনীত হৈছে, সেই কথা ভাষাৰেও প্ৰকাশ কৰিব নোৱাৰি, বুজাবও নোৱাৰি। মাথো আবেগ আৰু অনুভৱৰ মণিকোঠাত ইয়াক অনুধাৱন কৰিব পাৰি !
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে উল্লেখিত ভাষা ৫টাৰ আগেয়ে স্বীকৃত হোৱা ভাৰতৰ ধ্ৰুপদী ভাষা কেইটা হৈছে- তামিল, সংস্কৃত, কানাড়া, তেলেগু, মালায়লম আৰু ওড়িয়া । এই আটাইকেটা ভাষাক সামৰি এতিয়াৰে পৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা ভাষাৰ সংখ্যা হ’ল ১১টা।
উল্লেখযোগ্য যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ কৰিলে ভাষাটো কেইবা ধৰণে লাভান্বিত হয়। ভাষাটোৰ উত্তৰণত অৱদান আগবঢ়াই যোৱা সকলৰ কাৰণে থাকে আন্তঃৰাষ্ট্ৰীয়ভাৱে পুৰস্কৃত কৰাৰ ব্যৱস্থা।
একেদৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে কেন্দ্ৰই খুলিব লাগে সেই নিৰ্দিষ্ট ভাষাৰ অধ্যয়নৰ কাৰণে চেণ্টাৰ অৱ এক্সিলেন্স। ইয়াৰ উপৰি বিভিন্ন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ধ্ৰুপদী ভাষাৰ গৱেষণাৰ কাৰণে বিশ্ববিদ্যালয় অনুদান আয়োগে অনুদান দিব লাগে।
মুঠৰ ওপৰত এটা ভাষা যেতিয়া ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হয় তেতিয়া বহু সা- সুবিধাৰ উপৰি বিভিন্ন ধৰণে লাভন্বিত হয়। ভাষাই পাই অন্য এক গতি, লাভ কৰে সুকীয়া মৰ্যাদা।
অসমীয়া ভাষাই লাভ কৰা এই মৰ্যাদাই এতিয়া সকলোৰে প্ৰতি দায়িত্ব বঢ়ালে। লিখোতে হওক বা কওতেই হওক সকলো ক্ষেত্ৰত সজাগ আৰু সচেতনতা অৱলম্বন কৰিলে ভাল। সজাগ আৰু সচেতন হৈ ভাষাৰ মান হানি নোহোৱাকৈ ইয়াক ব্যৱহাৰ কৰিলে অদূৰ ভৱিষ্যতলৈ আইৰ মুখৰ ভাষা হৈয়ে থাকিব...