বিহালীত ইটাভাটাৰ খালত পৰি শিশুৰ অকাল মৃত্যু

বিহালীত ইটাভাটাৰ খালত পৰি শিশুৰ অকাল মৃত্যু

author-image
Asomiya Pratidin
New Update
বিহালীত ইটাভাটাৰ খালত পৰি শিশুৰ অকাল মৃত্যু

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথ জিলাৰ বিহালীত কাঠফুলাৰ দৰে গঢ়ি উঠা ৪৮ টা ইটাভাটাৰ দৌৰাত্ম্যৰ অভিযোগ নতুন নহয় ৷ বিহালীত গঢ়ি উঠা ইটাভাটাৰ মালিক পক্ষই অবৈধভাৱে মাইনিং অৰ্ডাৰ অবিহনে কৃষিভূমি খনন কৰি বিহালীৰ কৃষিপথাৰ সংকুচিত কৰাই নহয় পাৰিপাৰ্শ্বিকভাৱেও প্ৰৱল ভাবুকি কঢ়িয়াই আনিছে ৷

Advertisment

তদুপৰি নীতি বহিঃভূতভাৱে কৃষি পথাৰ খনন চলোৱাৰ ফলত বিহালীত বিভিন্ন সময়ত খালসমূহত পৰি সাধাৰণ মানুহ মৃত্যুমুখত পৰি আহিছে৷ পিছে ইমানৰ পিছতো বিশ্বনাথ জিলা প্ৰশাসনৰ কোনো গা লৰচৰ হোৱা নাই ৷ ফলত দেওবাৰে বিহালীৰ বৰগাংস্থিত MAA ভাটা নামৰ ইটাভাটাই অবৈধ্যভৈৱে চলোৱা কৃষি পথাৰৰ খালত গা ধুৱলৈ গৈ এগৰাকী ৭ বছৰীয়া কনমানি শিশুৰ মৃত্যু হয় ৷

ঘটনাৰ বিৱৰণীমতে, বিহালীৰ বৰগাংৰ শুকানসুঁতি গাওঁৰ শ্ৰমিক সুকুমাৰ বৰ্মনৰ ৭ বছৰীয়া কনমানি শিশুটোৱে মাকৰ লগত ইটাভাটালৈ গৈছিল ৷ MAA নামৰ ইটাভাটাৰ শ্ৰমিকগৰাকীৰ লগত কনমানি শিশুটো গৈছিল ৷ ঠিক দুপৰীয়া সময়ত কনমানিটোৰ মাকৰ লগত খালত গা ধুৱলৈ গৈ অকাল মৃত্যুক সাবটিৱ লগা হ'ল৷

অভিযোগ মতে, বিহালীৰ একাংশ ইটা ভাটাৰ মালিকে অবৈধভাৱ কৃষি পথাৰ খনন কৰাৰ ফলত এনে ঘটনা সংঘটিত হৈ থকাৰ পিছতো প্ৰশাসনে ইটাভাটা মালিক আৰু একাংশ ভূ-মাফিয়াৰ দৌৰাত্ম ৰোধ কৰাত তিলমানো গুৰুত্ব আৰোপ কৰা নাই ৷ ফলত ইটাভাটা মালিক পক্ষই কৃষি পথাৰসমূহত গভীৰ গাঁত খান্দি থোৱা খালত পৰি বহুজনৰ জীৱন সম্পতিৰ ক্ষতি হৈছে ৷

উল্লেখ্য যে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিয়ে বিহালীৰ MAA ইটাভাটাই খন্দা খালত পৰি মৃত্যু হোৱা শিশুটোৰ উপযুক্ত ক্ষতিপুৰণ প্ৰদানৰ দাবী উত্থাপন কৰাৰ লগতে MAA ইটাভাটাৰ মালিক জাকিৰ খাঁনক আটক কৰি দৃষ্টান্তমুলক শাস্থি প্ৰদানৰ দাবী কৰিছে ৷ অৱশ্যে বছৰি কৃষি পথাৰ খনন কৰি কোটি কোটি টকা চপোৱা ইটাভাটা মালিকৰ বেআইনী কাৰ্যৰ বিৰুদ্ধে কঠোৰ আইনী প্ৰক্ৰিয়া বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনে হাতত ল'ৱলৈ সাহস যে কৰিব সেইয়া সন্দেহৰ আৱৰ্ত্তত৷

Also Read: "এইয়া সততা, স্বচ্ছতা আৰু সুশাসনৰ জয়" প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

bihali