বিহালীৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ত ৰোগীৰ দুৰ্ভোগঃ ১১ বজালৈকে চিকিৎসালয়ত নাই চিকিৎসক..

বিহালীৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ত ৰোগীৰ দুৰ্ভোগঃ ১১ বজালৈকে চিকিৎসালয়ত নাই চিকিৎসক..

author-image
Asomiya Pratidin
New Update
বিহালীৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ত ৰোগীৰ দুৰ্ভোগঃ ১১ বজালৈকে চিকিৎসালয়ত নাই চিকিৎসক..

বিহালীৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ত ৰোগীৰ দুৰ্ভোগঃ ১১ বজালৈকে চিকিৎসালয়ত নাই চিকিৎসক..

ডিজিটেল সংবাদ বিহালীঃ বিহালী খণ্ড প্ৰাথমিক চিকিৎসালয়খনত কৰ্মৰত চিকিৎসৰ অনিয়মীয়া উপস্থিতিয়ে জ্বলাকলা খুৱাইছে ৰোগীক৷ ৰোগীয়ে ৰোগীয়া দেহাৰে চিকিৎসকক বিচাৰি দিব লগা হৈছে ভূতপৰ৷

Advertisment

দৰাচলতে ,বিহালী খণ্ড প্ৰাথমিক চিকিৎসালয়খনত তিনিগৰাকীকৈ চিকিৎসক আছে যদিও কৰ্ম সংস্কৃতিৰ অভাৱ চিকিৎসকলৰ যাৰবাবে ৰোগীয়ে চিকিৎসা বিচাৰি পুৱাৰ পৰা ভূতপৰ দিব লগা হৈছে৷ অভিযোগমতে, আজি বিহালী খণ্ড প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত তিনিগৰাকী চিকিৎসকৰ কোনো এজন চিকিৎসক পুৱা ১১ বজালৈকে উপস্থিত নাই ৷

যাৰবাবে অঞ্চলটো বিভিন্ন স্থানৰ পৰা অহা ৰোগীৰ লগতে অভিভাৱকে দূৰ্ভোগ ভূগিব লগা হৈছে ৷ উল্লেখ্য যে, বিহালী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে দেধাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ কৰ্মসংস্কৃতিহীন বিহালী খণ্ড প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক,নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ দাবী কৰিছে ভুক্তভোগীসকলে৷

Also Read: ইণ্ডিয়া গোটত হ'ব নেকি বিভাজন ? কংগ্ৰেছক লাগে ৩৯০ খন আসন, অংশীদাৰ দললৈ এৰিছে ১৫৫ খন আসন...

বিহালী