বোকাজানত ১ কোটি টকাৰ নিষিদ্ধ কানি জব্দ...

আৰক্ষীৰ গোপন অভিযানত জব্দ কানিখিনি

author-image
Asomiya Pratidin
New Update
বোকাজানত ১ কোটি টকাৰ নিষিদ্ধ কানি জব্দ...

bokajan

ডিজিটেল সংবাদ, বোকাজান : বোকাজানৰ ডিলাইত ১ কোটি টকাৰ নিষিদ্ধ কানি জব্দ। ডিলাই আৰক্ষীৰ গোপন অভিযানত আৰক্ষীয়ে জব্দ কৰে ১৮ কেজি কানি। জানিব পৰা মতে, মণিপুৰৰ পৰা এখন ট্ৰাকৰ ইঞ্জিনত অতি কৌশলেৰে গোপনে লুকুৱাই আনিছিল ১৯ পেকেট কানি।

Advertisment

আৰক্ষীৰ অভিযানত আটক দুই সৰবৰাহকাৰী অজয় বাছনেট আৰু দেউমন লিম্বু। ধৃত দুই সৰবৰাহকাৰীৰ ঘৰ মণিপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। উল্লেখ্য যে কানি কঢ়িয়াই অনা ট্ৰাকখনৰ নম্বৰ হৈছে AS 01 GC 5478।

আৰু পঢ়ক : ঢেকিয়াজুলি আঞ্চলিক বড়ো সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠানৰ লাইখুটা স্থাপন...

assam bokajan