মঙলদৈত কংগ্ৰেছ সভাপতি ভূপেন বৰা

দেওবাৰে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰা মঙলদৈ ৰাজীৱ ভৱনত উপস্থিত হৈ বৰ্তমান কংগ্ৰেছ দলৰ হৈ বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
মঙলদৈত কংগ্ৰেছ সভাপতি ভূপেন বৰা

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দেওবাৰে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰা মঙলদৈ ৰাজীৱ ভৱনত উপস্থিত হৈ বৰ্তমান কংগ্ৰেছ দলৰ হৈ বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। ৰানা গোস্বামীৰ দলত্যাগ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় ৰানা গোস্বামীয়ে কংগ্ৰেছ দলক ত্ৰিশ বছৰ দিছে। কংগ্ৰেছেও ৰানা গোস্বামীক যথেষ্ঠ সন্মান দিছে। সেয়ে মোৰ বিশ্বাস ৰানা গোস্বামীয়ে দল ত্যাগ নকৰে।

Advertisment

অসমত ঐক্য মঞ্চৰ ১৫ টা দল আছিল আৰু ১৫ টায়ে থাকিব। ইয়াৰে এটা দল ওলাই যাব আৰু এটা দল নতুনকৈ অন্তৰ্ভুক্ত হব বুলি কয়। অৱশ্যে কোন দল যাব কোন দল নতুনকৈ আহিব সেইয়া এতিয়াও স্পষ্ট নকৰিলে কংগ্ৰেছ সভাপতি গৰাকীয়ে।

কংগ্ৰেছত থাকি বিজেপি চৰকাৰক সমৰ্থন দি যাম বুলি কোৱা মঙলদৈৰ বিধায়ক সন্দৰ্ভত ভূপেন বৰাই কয় যে " দুখ লাগে, মঙলদৈৰ সাংস্কৃতিৱান মানুহে ভোট দিয়া বসন্ত দাসে হিমন্ত বিশ্ব শৰ্মাক ভৰিত ধৰিছে। আমি গাখীৰ খুৱাই সাপ পুহি আছিলো, ভাল হ'ল, আমাৰ সাপবোৰ ওলাই গৈছে" ।

তৃণমুল কংগ্ৰেছৰ লগত আসন বুজাবুজিৰ বিষয়ে মল্লিকাৰ্জুন খাৰ্গে আৰু মমতা বেনাৰ্জীয়ে আলোচনা কৰি সিদ্ধান্ত দিব বুলি ভূপেন বৰাই সৰা মন্তব্য প্ৰদান কৰে।মঙলদৈ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অহা ৫ মাৰ্চৰ ভিতৰত দৰং ওদালগুৰি লোক সভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব বুলিও ভাষণ প্ৰসংগত স্পষ্ট কৰি দিয়ে।

Also Read: বিহপুৰীয়াত আপৰ কাৰ্যকৰ্তা সন্মিলন

mangoldoi congress bhupen borah