মনজিৎ মহন্তলৈ শেষ শ্ৰদ্ধা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

মনজিৎ মহন্তলৈ শেষ শ্ৰদ্ধা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

author-image
Asomiya Pratidin
New Update
 মনজিৎ মহন্তলৈ শেষ শ্ৰদ্ধা  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

ডিজিটেল ডেস্কঃ জ্যেষ্ঠ সাংবাদিক তথা প্ৰদেশ কংগ্ৰেছৰ মেডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ।গহপুৰৰ হাৱাজানত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ভূপেন কুমাৰ বৰাই।

Advertisment

তেওঁ কয় যে, অকালতে মনজিৎ মহন্তক হেৰুৱাব লগাতো অতিকে বেদনাদায়ক। মহন্তই সংবাদ মাধ্যমতো যথেষ্ঠ অৰিহনা যোগাইছিল। লগতে কংগ্ৰেছ দলতো তেওঁ নিবিৰচ্চিন্নভাৱে কাম কৰি গৈছিল। অসমীয়া জাতিৰ সংকটকালত তেওঁ যেনেকৈ জাতিটোত নেতৃত্ব দিছিল তাৰ কথাও সোঁৱৰে বৰাই।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়ক ভৰত চন্দ্ৰ নৰহ,কংগ্ৰেছ নেতা জয়প্ৰকাশ দাস,ৰাজপ্ৰসাদ শৰ্মা,জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন,শান্তনু বৰঠাকুৰ প্ৰমুখ্যে বহু কেইগৰা জ্যেষ্ঠ নেতা উপস্থিত থকাৰ লগতে কেবা শতাধিক কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে।

Also Read: ম্যানমাৰৰ ছাগাইঙত NSCN(k)ৰ দুই ফৈদৰ মাজত সংঘৰ্ষঃ দুজন কেডাৰ নিহত

bhupen bora