জামিনবিহীনসহ কেইবাটাও গোচৰ ৰুজু ভূপেন বৰাৰ বিৰুদ্ধে, আজি থানাত হাজিৰ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী

জামিনবিহীনসহ ৮টা ধাৰাৰ গোচৰ ৰুজু ভূপেন বৰাৰ বিৰুদ্ধে, আজি থানাত হাজিৰ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী

author-image
Asomiya Pratidin
New Update
জামিনবিহীনসহ কেইবাটাও গোচৰ ৰুজু ভূপেন বৰাৰ বিৰুদ্ধে, আজি থানাত হাজিৰ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী

ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। আজি থানাত হাজিৰ হ'ব বৰা।  ইতিমধ্যে সভাপতি বৰাই আগতিয়াকৈ জামিন লৈ চৰকাৰৰ ওচৰত নতশিৰ নকৰে বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে।

Advertisment

উল্লেখ্য যে যোৰহাট আৰক্ষীয়ে বৰাৰ বিৰুদ্ধে জামিনবিহীন ২টা তথা সৰ্বমুঠ ৮টা ধাৰাৰ গোচৰ ৰুজু বৰাৰ বিৰুদ্ধে। সেই অনুসৰি ৩১ জানুৱাৰীৰ দিনা দুপৰীয়া ১১-০০ বজাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক থানাত হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰিছিল।

আইনৰ নিৰ্দেশমৰ্মে বুধবাৰে দুপৰীয়া সভাপতি ভূপেন বৰা সোঁশৰীৰে হাজিৰ হ'ব বুলি জানিব পৰা গৈছে। আনহাতে যদিহে তেওঁ কাৰাৰুদ্ধ হ'ব লগা হয়, তেনেস্থলত দলৰ প্ৰতিগৰাকী নেতা-কৰ্মীকে নিষ্ঠা, সততা, অহিংসা আৰু গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষা কৰি লোকসভা নিৰ্বাচন কেন্দ্ৰিক কাম-কাজত লাগি থাকিবলৈ তেওঁ আহ্বান জনায়।

উল্লেখ্য যে ভাৰত জোড়ো ন্যায় যাত্ৰাত আইন ভংগ কৰাৰ বাবেই প্ৰদেশ কংগ্ৰেছৰ সভপতিগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। আইন ভংগৰ গোচৰত ৩১ জানুৱাৰীৰ দিনা যোৰহাট থানাত হাজিৰ হ'ব ভূপেন বৰা।

Also Read: আজি পবিত্ৰ মে-ডাম-মে-ফিঃ পূজা অৰ্চনাৰে টাই আহোমসকলে পূৰ্বপুৰুষক জনাব শ্ৰদ্ধা

apcc congress bhupen bora