'নিৰ্বাচন আহিলেই ঘোঁৰাৰ বেচা-কিনাত নামে হিমন্ত বিশ্ব শৰ্মা'- ভূপেন বৰা

সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বক সমালোচনা ভূপেন বৰাৰ

author-image
Asomiya Pratidin
New Update
'নিৰ্বাচন আহিলেই ঘোঁৰাৰ বেচা-কিনাত নামে হিমন্ত বিশ্ব শৰ্মা'- ভূপেন বৰা

'নিৰ্বাচন আহিলেই ঘোঁৰাৰ বেচা-কিনাত নামে হিমন্ত বিশ্ব শৰ্মা'- ভূপেন বৰা

ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হৈছে চালাক 'ঘোঁৰা বেপাৰী’। নিৰ্বাচন আহিলেই ঘোঁৰাৰ বেচা-কিনাত নামে হিমন্ত বিশ্ব শৰ্মা। ঝাৰখণ্ডৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক 'ঘোঁৰাৰ বেপাৰ’ত লগাই দিছে।

Advertisment

লখিমপুৰ ভোগপুৰস্থিত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। সভাপতি বৰাই কয় যে, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ ৰূপত প্ৰথমটো ঘোঁৰা ক্ৰয় কৰিছে।

সংবাদমেলত বৰাই হিমন্ত বিশ্ব শৰ্মাক এগৰাকী 'পাৰ্টটাইম মুখ্যমন্ত্ৰী’ আৰু 'ফুল-টাইম মেনিপুলেটৰ’ হিচাপেও অভিহিত কৰে। তেওঁ কয় যে, ৰাজ্যবাসী বানত ককবকাই থকা অৱস্থাতো মুখ্যমন্ত্ৰীয়ে যোৱা জুন মাহৰ পৰা আজিৰ তাৰিখলৈকে কেৱল ঝাৰখণ্ডক লৈয়ে ব্যস্ত হৈ আছে। গাদী বচাই ৰাখিবলৈ নিজৰ অবাধ দুৰ্নীতি আৰু ব্যৰ্থতাসমূহ ঢাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ তথা আন দলীয় নেতৃবৰ্গক সন্তুষ্ট কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিচাপে থকা দায়িত্বৰ কথাও পাহৰি পেলাইছে বুলিও সভাপতি বৰাই মন্তব্য কৰে।

ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতিৰ বাবে মুখ্যমন্ত্ৰী নিজেই দায়ী বুলিও কয় বৰাই। তেওঁ কয় যে, এগৰাকী মুখ্যমন্ত্ৰীয়ে যেতিয়া দিনে-নিশাই সাম্প্ৰদায়িক ঘৃণাসূচক মন্তব্য কৰে তেতিয়া পৰিস্থিতিৰ অৱনতি ঘটাতো স্বাভাৱিক।

এইধৰণৰ মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্বহীনতা উদঙাই দিছে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ অদূৰদৰ্শিতাৰ বাবেই বিগত সময়ছোৱাত ৰাজ্যখনৰ অৰ্থনীতি সম্পূৰ্ণৰূপে শোচনীয় হৈ পৰিছে বুলিও কয় বৰাই।

মুখ্যমন্ত্ৰীয়ে নিজৰ সাংবিধানিক দায়িত্বৰ কথা পাহৰি চৰকাৰখনক আৰু ৰাজ্যখনৰ জনসাধাৰণৰ মূৰত ধাৰৰ বোজা জাপি দি নিজেই অবাধ হাৰত সম্পত্তিৰ পাহাৰ গঢ়িছে বুলিও অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। বানপানীকে ধৰি বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে সকলো ক্ষেত্ৰতে 'জেহাদ’ৰ ভূত দেখা পোৱা মুখ্যমন্ত্ৰী নিজেই এজন 'থাৰ্ডক্লাছ জেহাদী’ বুলিও কয় বৰাই।

সম্প্ৰতি ঝাৰখণ্ডৰ নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰা মুখ্যমন্ত্ৰীক কৰ্ণাটক আৰু তেলেংগানাৰ কথা সোঁৱৰাই দি বৰাই কয় যে, হিমন্ত বিশ্ব শৰ্মাই য’লৈকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যায় তাতেই কংগ্ৰেছৰেই জয় হয়। ঝাৰখণ্ডত অসমৰ অবৈধ প্ৰব্ৰজনৰ কথা উল্লেখ কৰা প্ৰসংগত সভাপতি বৰাই আজিৰ সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে তথা বিজেপি চৰকাৰে বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে আজিও কিয় ছীল কৰিব পৰা নাই বুলিও প্ৰশ্ন কৰে।

অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থাকিও আজিলৈকে অসম চুক্তি কিয় ৰূপায়ণ কৰিব পৰা নাই আৰু বিদেশী সমস্যা কিয় সমাধান কৰিব পৰা নাই বুলিও হিমন্ত বিশ্ব শৰ্মাক সংবাদমেলত ওভতি ধৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

Also Read: বাংলাদেশৰ জাতীয় সংগীত, সংবিধান সলনিৰ প্ৰস্তাৱঃ মুক্তিযুদ্ধাক লৈয়ো প্ৰশ্ন...

হিমন্ত বিশ্ব শৰ্মা ভূপেন বৰা