বাংলাদেশৰ জাতীয় সংগীত, সংবিধান সলনিৰ প্ৰস্তাৱঃ মুক্তিযুদ্ধাক লৈয়ো প্ৰশ্ন...

সাম্প্ৰদায়িক শক্তি জামাতৰ নেতাৰ প্ৰস্তাৱত মিশ্ৰিত প্ৰতিক্ৰিয়া
বাংলাদেশৰ জাতীয় সংগীত, সংবিধান সলনিৰ প্ৰস্তাৱঃ মুক্তিযুদ্ধাক লৈয়ো প্ৰশ্ন...
বাংলাদেশৰ জাতীয় সংগীত, সংবিধান সলনিৰ প্ৰস্তাৱঃ মুক্তিযুদ্ধাক লৈয়ো প্ৰশ্ন...
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ৰাজনৈতিক পট পৰিবৰ্তনৰ পাছতে দেশখনত ভাৰত বিৰোধী শক্তিসমূহ গা কৰি উঠিছে। এনে শক্তিসমূহে মুকলিকৈ এতিয়া ভাৰত বিৰোধী কথা-বতৰা ক'বলৈ আৰম্ভ কৰাই নহয় বৰঞ্চ নিজ দেশৰে জাতীয় সংগীত, সংবিধান আদি সলনি কৰাৰো প্ৰস্তাৱ দিছে।

কবি গুৰু ৰবীন্দ্ৰনাথে লিখাৰ বাবেই বাংলাদেশৰ জাতীয় সংগীত পৰিবৰ্তনৰ প্ৰস্তাৱ উত্থাপন কৰিছে জামাতৰ নেতাই। সেইদৰেই বংগ বন্ধু শ্বেইখ মুজিবুৰ ৰহমান, বাংলাদেশৰ মুক্তি যুদ্ধক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে সাম্প্ৰদায়িক শক্তি জামাতৰ নেতাই।

বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত বাংলাদেশৰ জাতীয় সংগীতক স্বাধীনতাৰ অস্তিত্বৰ পৰিপন্থী আখ্যা দিছে মৌলবাদী জামাত ইছলামীৰ প্ৰাক্তন নেতা আমিৰ গোলাম আযমৰ পুত্ৰ আব্দুল্লাহিল আমান আযমীয়ে। তেওঁ বাংলাদেশৰ এই জাতীয় সংগিত পৰিবৰ্তনৰ মুকলি দাবী উত্থাপন কৰিছে।

ইয়াৰোপৰি তেওঁ ১৯৭২ ত প্ৰণয়ন কৰা দেশখনৰ সংবিধানকো বৈধ নহয় বুলি মন্তব্য কৰি নতুন সংবিধান প্ৰণয়ন কৰাৰ দাবী জনাইছে। বাংলাদেশৰ সেনাবাহিনীৰ প্ৰাক্তন বিগ্ৰেডিয়াৰ জেনেৰেলগৰাকীৰ এনে দাবীয়ে এতিয়া সমগ্ৰ দেশখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ছাত্ৰ আন্দোলনৰ জৰিয়তে বাংলাদেশৰ ৰাজনীতিৰ সলনি হৈছে। আৱামী লীগৰ চৰকাৰ পতনৰ পাছত বাংলাদেশত গঠন হৈছে অন্তৱৰ্তীকালীন চৰকাৰ। এই চৰকাৰে ভাৰতৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰাৰ কথা কৈছে যদিও ভাৰতৰ সৈতে পূৰ্বৰ দৰে যে আন্তৰিক সম্পৰ্ক ৰক্ষা কৰিবলৈ বৰ এটা আগ্ৰহী নহয় সেয়াও স্পষ্ট হৈছে।

এই অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব গ্ৰহণৰ পাছতে দেশখনত একাংশ শক্তিয়ে মুকলিকৈ ভাৰত বিৰোধী কাৰ্য-কলাপ গ্ৰহণ কৰিছে। তাৰেই এক অংশ আব্দুল্লাহিল আমান আযমীৰ এই বিতৰ্কিত মন্তব্য।

যোৱা মঙ্গলবাৰে ঢাকাত এক সংবাদ মেলত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰি আমান আযমীয়ে জামাতৰ হৈ ১৯৭১ চনৰ মুক্তি যুদ্ধৰ ছহিদৰ সংখ্যাক লৈয়ো প্ৰশ্ন তুলিছে। আমান আযমীয়ে কয়, ১৯০৫ চনত বংগ ভংগ কাৰ্যসূচী স্থগিত ৰাখিবৰ বাবে ৰবীন্দ্ৰনাথে লিখিছিল 'আমাৰ সোণাৰ বাংলা আমি তোমায় ভালোবাসি'। এই জাতীয় সংগীত আছিল দুই বাংলাক এক কৰাৰ বাবে। আমি কি দুয়োখন বাংলাক এক কৰিব বিচাৰিছো নেকি? আমি স্বাধীন বাংলাদেশ বিচাৰো, নে ভাৰতৰ অংগভূমি পশ্চিমবংগৰ সৈতে এক হ’বলৈ বিচাৰো?

তেওঁ কয়, আমি স্বাধীন বাংলাদেশ বিচাৰিছো। স্বাধীন বাংলাদেশত থাকিবলৈ বিচাৰো। এই জাতীয় সংগীত আমাৰ স্বাধীন বাংলাদেশৰ অস্তিত্বৰ পৰিপন্থী। আমি জোৰদাৰ দাবী কৰিছো আমাৰ দেশৰ বাবে নতুন জাতীয় সংগীত প্ৰস্তত কৰা হওক।

আনহাতে ১৯৭২ ৰ সংবিধানক অবৈধ আখ্যা দি তেওঁ কয়, ১৯৭০ চনত আৱামী লীগে জনতাৰ পৰা জনমত লৈ পাকিস্তানৰ সংবিধানৰ অধীনত ৰাষ্ট্ৰ গঢ়াৰ বাবে সংবিধান ৰচনা কৰা নাছিল। ১৯৭১ চনত পাকিস্তানে আমাৰ ওপৰত যুদ্ধ জাপি দিছিল। আমি যুদ্ধ কৰি স্বাধীন হৈছো। কিন্তু তেওঁলোকে জনগণৰ পৰা সংবিধানৰ প্ৰণয়ৰ কোনো মত গ্ৰহণ নকৰিলে। সেয়ে এই সংবিধান আমাৰ দৃষ্টিত বৈধ নহয়। নতুন কৈ এখন কমিটী গঠন কৰি নতুন সংবিধান তৈয়াৰ কৰিব লাগে আৰু এতিয়াৰ প্ৰচলিত সংবিধান বাতিল কৰিব লাগে।

উল্লেখ্য বংলাদেশৰ সেনা বাহিনীৰ ব্ৰিগেডিয়াৰ হিচাপে দায়িত্বত থকাৰ সময়তে ২০০৯ চনত বৰ্খাস্ত হৈছিল আমান আযমী। এইগৰাকী বিতৰ্কিত নেতাই ২০১৫ চনত মুক্তি যুদ্ধত ৩০ লাখ ছহিদৰ তথ্যক কাল্পনিক বুলিও অভিযোগ কৰি বিতৰ্কৰ সূচনা কৰিছিল।

সেই একে কথাৰেই পুনৰাবৃত্তি কৰি তেওঁ পুনৰ শ্বেইখ মুজিব ছাহাবে মুক্তি যুদ্ধত মৃত্যুৰ সংখ্যা ৩ লাখ বুলি ক’বলৈ গৈ ৩ মিলিয়ন বুলি কৈছিল। এইদৰে ৩ লাখেই ৩০ লাখ হৈ পৰিছিল। কোনো পৰীক্ষা নকৰাকৈ তেওঁ ৩০ লাখ লোক ছহিদ হোৱা বুলি কৈ মানুহৰ আবেগৰ সৈতে খেলি প্ৰতাৰণা কৰিলে।

মই চৰকাৰলৈ আবেদন জনাইছো পুনৰ এই পৰীক্ষা কৰি প্ৰকৃততে কিমানৰ মৃত্যু হৈছিল, ৩০ লাখ, ৩ কোটি যিয়েই নহওক সেয়া নিশ্চিত কৰক। আমি জনা মতে মুক্তি যুদ্ধত ২ লাখ ৮৬ হাজাৰ লোক ছহিদ হৈছিল। মুজিব ছাহাবে ৩ লাখক ৩০ লাখ কৰিছিল। এতিয়াও সময় আছে জাতিক সত্য ইতিহাস জানিবলৈ দিয়ক।

আমান আযমীয়ে পুনৰ অভিযোগ কৰি কয়, ২০১৬ চনত ২২ আগষ্টত তেওঁক আটক কৰি নিয়া হৈছিল। ইয়াৰ পাছত তেওঁৰ ওপৰত চলিছিল নিৰ্যাতন। মোক তেওঁলোকে দুটা কাৰণত আটক কৰিছিল। মোৰ পিতৃৰ পৰিচয় আৰু মই ভাৰত বিৰোধী।

আযমীৰ এনে বিতৰ্কিত কথা বতাৰাই এতিয়া বাংলাদেশতো অৱশ্যে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জাতীয় সংগীত পৰিবৰ্তনৰ প্ৰস্তাৱক হঠকাৰী, আত্মঘাতী বুলি আখ্যা দিছে। বিপ্লৱী ৱৰ্কাছ পাৰ্টিকে ধৰি বহু দল, সংগঠনে এই ধৰণৰ কামকাজে মুক্তি যুদ্ধক অৱমাননা কৰা বুলিও কৈছে। এনে বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদো হৈছে। বিভিন্ন ৰাজনৈতিক, সামাজিক ক্ষেত্ৰৰে জৰিত একাংশই এনে দাবীক মানসিক বিকাৰগ্ৰস্তৰ প্ৰলাপো আখ্যা দিছে।   

বাংলাদেশৰ জাতীয় সংগীত, সংবিধান সলনিৰ প্ৰস্তাৱঃ মুক্তিযুদ্ধাক লৈয়ো প্ৰশ্ন...
অশোক সিংঘালৰ অধীনস্থ বিভাগত ৬৫ কোটি টকীয়া ঠিকা আবণ্টন কেলেংকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in