মুকালমুৱাত ভূমিধৰ বৰ্মনৰ ৯৩ সংখ্যক জন্মদিনত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

মুকালমুৱাত ডা: ভূমিধৰ বৰ্মনৰ ৯৩ সংখ্যক জন্মদিনত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

author-image
Asomiya Pratidin
New Update
মুকালমুৱাত  ভূমিধৰ বৰ্মনৰ ৯৩ সংখ্যক জন্মদিনত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, দৌলাশালঃ অসমৰ এগৰাকী জনপ্ৰিয় ৰাজনীতিবিদ, প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰক্ষেত্ৰী সমষ্টিৰ তিনিবাৰৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ বৃহস্পতিবাৰে ৯৩ সংখ্যক জন্মদিন উদযাপন কৰে বৰক্ষেত্ৰীৰ কংগ্ৰেছ কৰ্মীসকলে ৷ তদুপল্যক্ষে নলবাৰী জিলাৰ মুকালমুস্থিত ৰাজীৱ ভৱনত প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা পুত্ৰ দিগন্ত বৰ্মনে ৷

Advertisment

বৰ্মনদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদে ৷ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ব্লক কংগ্ৰেছৰ উপ সভাপতি জগদাচৰণ তালুকদাৰে ৷

ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নলবাৰী জিলা কংগ্ৰেছৰ প্ৰাক্তন উপ সভাপতি জেহেৰুল হক, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক চাধুল্লা আলী, সম্পাদক ক্ৰমে চিৰাজুল হক, আলী আকবৰ, জয়সাগৰ-বৰতলা মণ্ডল কংগ্ৰেছৰ সভাপতি আনন্দ বৰ্মন, সম্পাদক পুলক দাস, ভাংনামাৰী জিলা পৰিষদৰ সদস্যা মনোৱাৰা খাটুন, বৰক্ষেত্ৰী মহিলা ব্লক কংগ্ৰেছৰ সভাপতি বিণু তালুকদাৰ, ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ চিদ্দিকুল হক, কংগ্ৰেছ কৰ্মী দিলীপ নাথকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে ভূমিধৰ বৰ্মনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে ৷

ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদৰ নেতৃত্বত ব্লক কংগ্ৰেছৰ কুৰিজনীয়া দল এটিয়ে মুকালমুৱা মহকুমা চিকিৎসালয়ত উপস্থিত হৈ ৰোগী সকলৰ মাজত ফল-মূল আৰু ওআৰএচ পানীয় আদি বিতৰণ কৰি ৰোগীসকলৰ আশু আৰোগ্য কামনা কৰে ৷ 

Also Read: ধেমাজি ভৰালীচুকত ফ্ৰা মটৰচৰ নতুন ডিলাৰ মুকলি