ধেমাজি ভৰালীচুকত ফ্ৰা মটৰচৰ নতুন ডিলাৰ মুকলি

ধেমাজি ভৰালীচুকত ফ্ৰা মটৰচৰ নতুন ডিলাৰ মুকলি

author-image
Asomiya Pratidin
New Update
ধেমাজি ভৰালীচুকত  ফ্ৰা মটৰচৰ নতুন ডিলাৰ মুকলি

ডিজিটেল সংবাদ ,ধেমাজিঃ ফ্ৰা মটৰচে বৃহস্পতিবাৰে বিয়লি ৪.৩০ বজাত ধেমাজি ভৰালীচুকত নতুন ডিলাৰ মুকলি কৰে ৷ ভৰালীচুক অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি তথা জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজসেৱক সূদৰ্শন ভৰালীয়ে ফিটা কাটি মুকলি কৰে ডিলাৰটো।

Advertisment

অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত ডিলাৰৰ হৈ জেনেৰেল মেনেজাৰ পূৰন্দৰ বৰগোহাঁইয়ে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে, লখিমপুৰৰ নগৰত মুখ্য ডিলাৰ থকা উপৰিও বিহপুৰীয়া আৰু নাৰায়ণপুৰৰ পিছত তৃতীয়টো ডিলাৰ বৃহস্পতিবাৰে ধেমাজিত মুকলি কৰা হৈছে ৷

গ্ৰেভ ইলেক্টটিক মবিলিটি কোম্পানীৰ অধীনৰ এই ডিলাৰত ইতিমধ্যে দুই চকীয়া তিনিটা মডেলৰ আৰু তিনি চকীয়া দুটা মডেলৰ বাহন উপলব্ধ হ'ব । দুই চকীয়া বাহন তিনিবিধেই উন্নত মানদণ্ডৰ বুলি উল্লেখ কৰি এই দুই চকীয়া বাহনৰ জৰিয়তে ১০ টকা খৰছ কৰিলে ১০০ কিলো মিটাৰ চলাব পৰাও ব্যৱস্থা আছে বুলি তেওঁ জানিবলৈও দিয়ে ৷

Also Read: ঢকুৱাখনাত ড্ৰাগছসহ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ