ওদালগুৰিত হনুমান মন্দিৰৰ ভূমিপুজন সম্পন্ন

অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতেই সম্পন্ন কৰা হয় ওদালগুৰিৰ ঐতিহাসিক হনুমান মন্দিৰৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া মন্দিৰৰ ভূমিপুজন। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই মাঙ্গলিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত হনুমান মন্দিৰৰ ভূমিপুজন সম্পন্ন

ডিজিটেল সংবাদ, ওদালগুৰিঃ অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতেই সম্পন্ন কৰা হয় ওদালগুৰিৰ ঐতিহাসিক হনুমান মন্দিৰৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া মন্দিৰৰ ভূমিপুজন। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই মাঙ্গলিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

Advertisment

উল্লেখ্য যে কেইৱা দশক পূৰ্ৱেই স্থাপিত হোৱা ওদালগুৰি চহৰৰ মূল হনুমান মন্দিৰটোৰ স্থানত নিৰ্মাণ কৰা হ'ব এটা অত্যাধুনিক হনুমান মন্দিৰ। উক্ত মন্দিৰটোৰ ভূমিপুজন তথা শুভাৰম্ভ অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে অধ্যক্ষ দৈমাৰী। ভূমিপুজনৰ পূৰ্বে দৈমাৰীয়ে উক্ত হনুমান মন্দিৰ চৌহদতে বৃহৎ পৰ্দাত উপভোগ কৰে অযোধ্যাত দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰাণ প্ৰতিষ্ঠা হোৱা ৰাম মন্দিৰৰ সেই ঐতিহাসিক ক্ষণ।

ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত দৈমাৰীয়ে কয় "আজি এক বিশেষ দিনত ওদালগুৰি হনুমান মন্দিৰ পৰিচালনা সমিতিয়ে এক বিশেষ কাৰ্যসূচী হাতত লৈছে। আজি বহুতৰে সপোন দিঠকত পৰিণত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন কৰে। ভাৰতৰ নিৰ্মাতা ভগৱান ৰামচন্দ্ৰ। ৰাম অবিহনে হয়তো ভাৰতবৰ্ষ পৰিচিত নহ'লহেতেন। আজি আমি যি ধৰ্ম পালন কৰি আছো, যি সামাজিক ৰীতি-নীতি অৱলম্বন কৰি আছো সেয়া ৰামৰেই শিক্ষা। ৰজা-মহাৰজা ইত্যাদে ৰামৰ পূৰ্ৱেও আছিল যদিও ৰামৰ জন্মৰ পাছৰ পৰাই সত্যৰ প্ৰতিষ্ঠা হ'ল। প্ৰভু ৰামচন্দ্ৰই তেখেতৰ জীৱনকালত সদায় সত্যত নিজকে অৰ্পন কৰিলে। সত্যৰ বাহিৰে তেখেতে কেতিয়াও মিছাৰ আশ্ৰয় নল'লে। এয়া হৈছে বিষ্ণুৰ অৱতাৰ। জগতত যেতিয়াই বিপদ আহে তেতিয়াই আৱিৰ্ভাৱ হৈ এই জগতক ৰক্ষা কৰিছে। যিহেতু আমাৰ সভ্যতা-সংস্কৃতি, ধৰ্ম, ৰীতি-নীতি ৰামৰ ওপৰতেই নিৰ্ভৰশীল। সেয়েহে এই ৰাম মন্দিৰ প্ৰতিষ্ঠাই সভ্যতা-সংস্কৃতিৰ এনাজৰী সুদৃঢ় কৰিব। এনেকুৱা দিনটোত আজি ওদালগুৰিৰ হনুমান মন্দিৰৰ বিশেষ মাঙ্গলিক কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই ধন্য মানিছো।"

উল্লেখ্য যে বৰ্তমান যিস্থানত হনুমান মন্দিৰটো আছে, সেই স্থানতে কেইবা কোটি টকা ব্যয় কৰি আকৰ্ষণীয় আৰু অত্যাধুনিক হনুমান মন্দিৰ নিৰ্মাণ হ'ব বুলি উদ্যোক্তা অশোক বাজাজে জানিবলৈ দিয়ে। আজিৰ এই কাৰ্যসূচীত বিধায়ক চৰণ বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, ইএম নিলুট স্বৰ্গীয়াৰী, এমচিএলএ ফ্ৰেচ মোচাহাৰীকে প্ৰমূখ্য কৰি বহু বিশিষ্ট ব্যক্তি আৰু অতিথি উপস্থিত থাকে। ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সজাই পৰাই তোলা হৈছে ওদালগুৰিৰ ৰামজানকী মন্দিৰ। আতকধুনীয়া আলোকসজ্জা তথা বন্তি প্ৰজ্বলনেৰে আকৰ্ষণীয় কৰি তোলা হৈছে। সমান্তৰালভাৱে পুৰণি গৰৈবাৰী কালী মন্দিৰ আৰু শিৱমন্দিৰ পৰিচালনা সমিতিয়েও চহৰখনৰ মাজেৰে ৰামজানকী মন্দিৰলৈ "জয় শ্ৰীৰাম" ধ্বনিৰ শোভাযাত্ৰা উলিয়াই বিশেষ দিনটো পালন কৰে। এনেদৰে ওদালগুৰিৰ বিভিন্ন অনুষ্ঠানে-প্ৰতিষ্ঠানে আজিৰ বিশেষ দিনটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা দেখা যায়।

Also Read: চৰাইদেউত ৰামময় পৰিৱেশ : বিশাল শোভাযাত্ৰা বাহিৰ

udalguri hanuman mandir PRAN Patishtha ram mandir