আজি ভাৰত-আফগানিস্তানৰ শৃংখলাৰ প্ৰথম মেচ

বিশ্বকাপ ভাৰতত অনুষ্ঠিত হোৱা হেতু, সেই সূত্ৰে ভাৰতৰ পৰিৱেশ তেওঁলোকৰ বাবে তেনেই চিনাকি। আই পি এলতো খেলিছে একাধিক খেলুৱৈয়ে। মুঠৰ ওপৰত এই শৃংখলা ৰোমাঞ্চকৰ হ'ব।

author-image
Asomiya Pratidin
New Update
আজি ভাৰত-আফগানিস্তানৰ শৃংখলাৰ প্ৰথম মেচ

ডিজিটেল ডেস্ক : তিনিখনীয়া শৃংখলা খেলাৰ উদ্দেশ্যে ভাৰতৰ ভূমিত উপস্থিত হৈছে আফগানিস্তান ক্ৰিকেট দল। ভাৰতৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা।

Advertisment

আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰস্তুতি হিচাপেই এই শৃংখলাৰ আয়োজন কৰা হৈছে। সেয়ে পূৰ্ণ শক্তিৰে খেলপথাৰত নামিব ভাৰতীয় দল। দললৈ উভতাই অনা হৈছে বিৰাট কোহলি, ৰোহিত শৰ্মাৰ দৰে জ্যেষ্ঠ খেলুৱৈক। প্ৰায় এবছৰৰ মূৰত টি-২০ খেলিব দুয়োগৰাকী খেলুৱৈয়ে।

সমান্তৰালকৈ সাজু হৈছে আলহী দল আফগানিস্তান। ইব্ৰাহিম জৰ্ডানৰ নেতৃত্বত বেটে-বলে উজলি উঠাৰ মানসিকতাৰে অৱতীৰ্ণ হ'ব দলটো। দলটোত আছে গৰিষ্ঠসংখ্যক অভিজ্ঞ খেলুৱৈ।

ইতিমধ্যে যোৱা বৰ্ষৰ এদিনীয়া বিশ্বকাপত দলটোৱে নিজৰ শক্তিৰ উমান দি থৈছে। উক্ত বিশ্বকাপ ভাৰতত অনুষ্ঠিত হোৱা হেতু, সেই সূত্ৰে ভাৰতৰ পৰিৱেশ তেওঁলোকৰ বাবে তেনেই চিনাকি। আই পি এলতো খেলিছে একাধিক খেলুৱৈয়ে। মুঠৰ ওপৰত এই শৃংখলা ৰোমাঞ্চকৰ হ'ব।

বৃহস্পতিবাৰে পঞ্জাৱ ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব প্ৰথমখন মেচ। মেচৰ সময় সন্ধিয়া ৭-০০বজাত।

Also Read: অনাগত ৫দিনলৈ থাকিব হাড় কপোৱা জাৰ

t-20 IND VS AFG cricket