বেকাজানত বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

বেকাজানত বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
বেকাজানত বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

ডিজিটেল সংবাদ, বেকাজানঃ বৰহোলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজানত মণিকাঞ্চন নাট্যগোষ্ঠীৰ উদ্যোগত সোমবাৰৰ পৰা ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। এই উপলক্ষে পুৱাৰে পৰা বেকাজানৰ এশঘৰীয়া ন-জানখনাৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত অগনণ ৰাইজৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশ সৃষ্টি হৈছে।

Advertisment

পুৱা ভাওনা প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিপুল কছাৰীয়ে। আনহাতে বৃক্ষৰোপণৰ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুধীন্দ্ৰ নাথ বৰচেতিয়াই।ইয়াৰ পিছতে বিশাল ভাগৱত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে শিক্ষক পবিত্ৰ প্ৰাণ বৰুৱাই। ভাগৱত শোভাযাত্ৰাত বেকাজান জামাতৰ একাংশ মুছলমান ধৰ্মাৱলম্বী লোকেও অংশগ্ৰহণ কৰে।

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বাৰ্তাৰে ৰূপায়িত এই শোভাযাত্ৰাত প্ৰদৰ্শিত বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিয়ে অঞ্চলটোৰ ৰাইজক মুগ্ধ কৰি তুলে। ই‌য়াৰ পিছতে নাম প্ৰসংগ, ভাওনাৰ দলসমূহক আদৰণি, নিমন্ত্ৰিত অতিথিক আদৰণি আৰু মঞ্চ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হয়।‌

বিয়লি ভাওনা প্ৰতিযোগিতা উদ্বোধন কৰে ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীয়ে, গোপাল কছাৰীয়ে আঁতধৰা অনুষ্ঠানটি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক মুকুতা বুধীন্দ্ৰনাথ বৰচেতিয়া সাংবাদিক মণ্টুচ্ কোঁৱৰ ,বেকাজান আৰক্ষী চকীৰ বিষয়া লীলা কোঁৱৰ, চুতীয়াভাওনা শিল্পী বাবুল বৰা আৰু কৃষ্ণপদ বৰা। ৫বজাৰ পৰা প্ৰথম ভাগ নাট যোৰহাটৰ শ্যামন্তক শিল্পী সমাজৰ দ্বাৰা 'কুলাচলৰ মুক্তিলাভ' আৰু নিশা ৯.৩০ বজাৰ পৰা দ্বিতীয় ভাগ নাট লোশলীয়াৰ সন্মিলিত সমাজৰ দ্বাৰা 'গৰুড়ৰ অমৃত হৰণ, বিনিতাৰ দাসত্ব মোচন' পৰিৱেশন কৰে।

Also Read: চকীঘাট দলঙৰ সমীপত পথ দুৰ্ঘটনাঃ দুই বাইক আৰোহীৰ অৱস্থা সংকটজনক...

asom bhauna compittition bekajan