প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰম্ভ হ'ব ভাৰত যাত্ৰা

অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে লৈছে এক বিশেষ সিদ্ধান্ত।

author-image
Asomiya Pratidin
New Update
প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰম্ভ  হ'ব ভাৰত যাত্ৰা

ডিজিটেল ডেস্কঃ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে লৈছে এক বিশেষ সিদ্ধান্ত। নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবীত অহা ৫ চেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশৰ চাৰিটা কোনৰ পৰা তথা পূব,পশ্চিম,উত্তৰ আৰু দক্ষিণৰ পৰা আৰম্ভ কৰিব ভাৰত যাত্ৰা কাৰ্যসূচী। এই যাত্ৰাৰ সময় চোৱাত শিক্ষক সন্মিলনীৰ নেতৃত্বত বিভিন্ন স্থানত বাইক ৰেলি কৰি সৰ্বভাৰতীয় নেতৃবৃন্দ ক আদৰি অনা হ'ব।

Advertisment

বিভিন্ন স্থানলৈ অহাৰ পথত ঠায়ে ঠায়ে পথ সভা অনুষ্ঠিত হ'ব। কাৰ্যসূচী অনুসৰি অহা ৫ ছেপ্টেম্বৰত গুৱাহাটীত, ৬ছেপ্টেম্বৰত শিৱসাগৰত আৰু এই যাত্ৰাৰ অংশ হিচাপে অহা ৭ ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলি কঁপাব সহস্ৰাধিক শিক্ষকে।একেদৰে ৮ছেপ্টেম্বৰত নলবাৰীত আৰু ৯ ছেপ্টেম্বৰত কোকৰাঝাৰত অনুষ্ঠিত হ'ব বিশাল সভা।

নতুন পেঞ্চন নীতি বাতিল, ঠিকাভিত্তিক কৰ্মৰত সকলো পৰ্য্যায়ৰ পদ নিয়মীয়াকৰণ কৰা, ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ শিক্ষা আৰু শিক্ষক বিৰোধী আসোৱাঁহ সমূহ আঁতৰ কৰাৰ দাবী সজোৰে উত্থাপন কৰা হ'ব। আজি বিশ্বনাথ চাৰি আলিৰ বিনাপানী সভা গৃহত অনুষ্ঠিত সভাত এই ঘোষণা কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু সম্পাদক প্ৰধান ৰাতুল গোস্বামীয়ে।

সম্পাদক গোস্বামীয়ে সাংবাদিকৰ প্ৰশ্নত শিক্ষামন্ত্ৰীৰ বিষয়ে কয় যে ''আচলতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষা বিভাগটো বুজি উঠা নাই। বুজি নুঠাৰ কাৰণে সময়ে সময়ে তেখেতে ভুল মন্তব্য দিয়ে ৷ আমি এটা কথা তেখেতক স্পষ্ট কৰি দিব খুজিছো,যে ৰাজ্যত প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ নাই এইটো কোনো শিক্ষকৰ সমস্যা নহয়,এইটো শিক্ষানুষ্ঠাখনৰ সমস্যা ৷

শিক্ষকৰ লগত জেদা-জেদি কৰি সৰু ল'ৰাৰ দৰে কাম কৰা শিক্ষামন্ত্ৰীয়ে বাদ দিয়ক ৷ আমি দেখিছো তেখেতে শিক্ষক সকলক ব্লেকমেইলিং কৰা আৰম্ভ কৰিছে ৷আমি দেখিছো,পৰ্টেলত আপডেট নকৰিলে তেখেতে বাৰ্ষিক অনুদান দিয়া বন্ধ কৰিছে।আমি তেখেতক প্ৰত্যাহ্বান জনাইছো। ছুপ্ৰিম কৰ্টৰ নিৰ্দেশনা থকা মধ্যাহ্ন ভোজনৰ এই টকা তেওঁ বন্ধ কৰিব নেকি? সেইটো তেওঁ ৰাজহুৱা কৰক'' ৷

Also Read: ১৫ বছৰীয়া কিশোৰক সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ প্ৰেৰণ, চিন্তিত পিতৃ-মাতৃ

ranoj pegu