/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e404eb15-7bcd-4d6e-add8-0def4748f8dc/7.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ শনিবাৰে কোকৰাঝাৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পূৰ্ণাংগ আবক্ষ মূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। বিটিচি চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু ড° ভূপেন হাজৰিকা স্মাৰক সমিতি, কোকৰাঝাৰ উদ্যোগত কোকৰাঝাৰ জিলা আয়ুক্তৰ বাসভৱন আৰু শিশু উদ্যানৰ মাজভাগত থকা স্মাৰক সমিতিৰ নিজাববীয়া মাটিত এই আধাৰশিলা স্থাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d89fd0c6-9b37-481a-b63c-21bf838f9b36/430999932_952439976450274_3197688070705074274_n.jpg)
উক্ত কাৰ্যসূচীত কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী , কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জীহাৰী, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আয়তিৰ নাম , উৰুলি ধ্বনি আৰু প্ৰায় শতাধিক লোকৰ উপস্থিতিত অতি আনন্দ- উলাহেৰে মাজেৰে প্ৰমোদ বড়োৱে আনুষ্ঠানিক সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পূৰ্ণাংগ আৱক্ষ মূৰ্তি নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপনৰ পিছত প্ৰমোদ বড়োৱে মহান শিল্পী ড° ভূপেন হাজৰিকাৰ মানৱতাৰ মতাদৰ্শক জীয়াই ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/1d95c9ba-f2e5-4f65-b0be-e14acc647912/430904828_952440029783602_1289653805699651621_n.jpg)
ইপিনে বিধায়ক লৰেন্স ইছলাৰীয়ে কয়- প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেণ সিংহই ড° ভূপেন হাজৰিকাৰ পূৰ্ণাংগ আবক্ষ মূৰ্তি নিৰ্মাণৰ কাম প্ৰায় সমাপ্ত কৰিছেই আৰু কেৱল মূৰ্তি স্থাপনৰ বেদী নিৰ্মাণ হ'লেই আমি আনুষ্ঠানিকভাৱে সুধাকণ্ঠৰ আবক্ষ মূৰ্তিটি উদ্বোধন কৰিবলৈ সক্ষম হ'ম বুলি মন্তব্য কৰে ৷
উল্লেখ্য যে সুধাকণ্ঠৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” শীৰ্ষক গীতটি আজি বিটিচি প্ৰধান প্ৰমোদ বড়ো, বিধায়ক লৰেন্স ইছলাৰী, কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, ৰেওৰেওৱা নাৰ্জিহাৰী প্ৰমুখ্যে মঞ্চত উপবিষ্ট সকলোৱে একেলগে গাই সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ।
Also Read: প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ আশীষ ল'লে শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই