আলফা(স্বা)ৰ শিবিৰত ভোগালীৰ আনন্দ

মেজি জ্বলাই,পিঠা বনাই,বিহু নাচি আনন্দ-উল্লাস
আলফা(স্বা)ৰ শিবিৰত ভোগালীৰ আনন্দ

ডিজিটেল ডেস্কঃ আজি হেপাহঁৰ মাঘৰ বিহু। ভোগালীয়ে উপচাই পেলাইছে প্ৰতিগৰাকী অসমীয়াৰ হিয়া-মন । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাঘ বিহুৰ উখল-মাখল পৰিৱেশ। ঘৰে ঘৰে জা-জলপান, পিঠা-পনা,লাড়ুৰ সম্ভাৰ। পিছপৰি ন’ৰ’ল নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বাধীন)ও। ম্যানমাৰৰ গভীৰ জংঘলত ভোগৰ উৎসৱ ভোগালী বিহু উলহ-মালহেৰে পালন কৰিলে আলফা(স্বাধীন)এ ৷ ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰ বাবে চলোৱা প্ৰস্তুতিৰ ভিডিঅ সংবাদমাধ্যমলৈ প্ৰেৰণ কৰিলে আলফা(স্বাধীন)এ ৷

শিবিৰত ভোগৰ উৎসৱ ভোগালীক উদযাপন কৰাৰ বাবে চাউল খুন্দা, তিল পিঠা বনোৱা, নানান প্ৰকাৰৰ পিঠা বনোৱা, কাঠৰ মেজি বনোৱা, খৰি কটা আদিত সংগঠনটোৰ নেতা-কেডাৰসকলে ব্যস্ত থকা দেখা যায় ৷

আলফা (স্বাধীন)ৰ শিবিৰত মাঘ বিহুৰ বাবে মেজিত পুৱা ৰীতি-নীতি অনুসৰি মেজিৰ চৌদিশে ঘূৰি প্ৰজ্বলন কৰে সংগঠনটোৰ নেতা-কেডাৰসকলে ৷ মেজি প্ৰজ্বলনৰ পিছতে প্ৰজ্বলিত মেজিৰ কাষত অৰ্ধশতাধিক নেতা-কেডাৰে দেশপ্ৰেমমূলক বিহুগীত গোৱাও দেখা যায়।

মাঘ বিহু জংঘলৰ শিবিৰত পালন কৰাৰ সময়ত প্ৰস্তুত কৰা ভিডিঅটোত সংগঠনে কৰা খেতি, শিবিৰত প্ৰতিদিনে আবেলি খেলা ভলীবল আদিত নেতা-কেডাৰে অংশগ্ৰহণ কৰাৰ দৃশ্যও দেখিবলৈ পোৱা যায় ৷

আলফা(স্বা)ৰ শিবিৰত ভোগালীৰ আনন্দ
বাক্সাৰ চৰাইমাৰীত ১১৭ সংখ্যক সন্যাসী বাবাৰ সভা মহোৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in