বাক্সাত ১১ সংখ্যক ভাৰত–ভূটান বন্ধুত্ব মেলাৰ আয়োজন

বাক্সাৰ সূৱণখাটাত অহা ১৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব ১১ সংখ্যক ভাৰত – ভূটান বন্ধুত্ব মেলাৰ লগতে ঐতিহাসিক ৭১ সংখ্যক মাঘ মেলা ৷
বাক্সাত ১১ সংখ্যক ভাৰত–ভূটান বন্ধুত্ব মেলাৰ আয়োজন

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সাৰ সূৱণখাটাত অহা ১৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব ১১ সংখ্যক ভাৰত – ভূটান বন্ধুত্ব মেলাৰ লগতে ঐতিহাসিক ৭১ সংখ্যক মাঘ মেলা ৷আঠদিনীয়া বৰনাট্য কাৰ্যসূচীত বিভিন্ন জনগোষ্ঠীৰ নাচ-গান পৰিবেশন কৰাৰ লগতে ভূটানৰ পৰাও অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানটো সাফল্য মণ্ডিত কৰাৰ বাবে ইতিমধ্যে চলিছে পূৰ্ণ প্ৰস্তুতি ৷ আজি এই কথা আয়োজক সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি জানিব দিয়ে ৷ আয়োজক সমিতিৰ সভাপতি খগেন পাঠক দাসে সূৱণখাটাৰ ঐতিহাসিক ৭১ সংখ্যক মাঘ মেলা আৰু ভাৰত- ভূটান বন্ধুত্ব মেলা অনুষ্ঠিত হ'ব বুলি জানিব দিয়ে ৷

তেওঁ কয় যে আঠদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া মেলাত ভূটানৰ পৰা বানিজ্যিক ষ্টোল উপৰিও দিয়াৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ এই মেলাত নৃত্য প্ৰতিযোগিতা, গীত গোৱা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ আয়োজক সমিতিয়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ৷

আৰু পঢ়ক: প্ৰশাসনৰ কঠোৰ নিৰ্দেশ! গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি বেদখলকাৰীয়ে নিজেই এৰিলে স্থান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in