প্ৰশাসনৰ কঠোৰ নিৰ্দেশ! গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি বেদখলকাৰীয়ে নিজেই এৰিলে স্থান...

প্ৰশাসনৰ কঠোৰ নিৰ্দেশত গৰুখুটি কৃষি প্ৰকল্পৰ ভুমি এৰিবলৈ বাধ্য হ'ল ১২৬ টা সন্দেহযুক্ত বাংলাদেশী পৰিয়ালে ।
প্ৰশাসনৰ কঠোৰ নিৰ্দেশ!  গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি বেদখলকাৰীয়ে নিজেই এৰিলে স্থান...

ডিজিটেল সংবাদ,ছিপাঝাৰ: প্ৰশাসনৰ কঠোৰ নিৰ্দেশত গৰুখুটি কৃষি প্ৰকল্পৰ ভুমি এৰিবলৈ বাধ্য হ'ল ১২৬ টা সন্দেহযুক্ত বাংলাদেশী পৰিয়ালে । উল্লেখ্য যে চৰকাৰ-প্ৰশাসনে ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত লোকসকলৰ লগতে বৰ্তমানেও কৃষি প্ৰকল্পৰ ভূমি বেদখল কৰি থকা লোকসকলক দলগাঁৱত সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহন কৰি প্ৰথম পৰ্যায়ত ৬৩৩ টা পৰিয়ালক দলগাৱলৈ স্থানান্তৰিত হ'বলৈ নিৰ্দেশ দিছিল।

সেই অনুসৰি বিগত বৰ্ষতে ৫০৭ টা ভুমি বেদখলকাৰী পৰিয়ালে নিজেই ঘৰ দুৱাৰ ভাঙি দলগাঁৱলৈ স্থানান্তৰিত হৈছিল যদিও বাকী ১২৬টা পৰিয়ালে আকোৰগোঁজ হৈ বেদখল কৰি আহিছিল কৃষি প্ৰকল্পৰ ভূমি। কিন্তু জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশত এই সকল বদেখলকাৰীয়ে আজি নিজেই ঘৰ-দুৱাৰ ভাঙি দলগাঁৱলৈ স্থানান্তৰিত হ'বলৈ বাধ্য হয়।

ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া কমলজিৎ শৰ্মা, ৰাজহ বিভাগৰ দায়িত্বত থকা জিলাৰ অতিৰিক্ত উপায়ুক্ত বিবেক শ্যামৰ উপস্থিতিত আজি নিজ শালমাৰাৰ ২০ টা বেদখলকাৰী সন্দেহযুক্ত পৰিয়ালে নিজেই ঘৰ-দুৱাৰ ভাঙি টালি-টোপোলা লৈ দলগাঁৱলৈ স্থানান্তৰিত হয়।

প্ৰশাসনে কৃষি প্ৰকল্পৰ ভুমি বেদখল কৰি থকা বাকী পৰিয়ালসমুহক ১০-১৫ দিনৰ ভিতৰত দলগাঁৱলৈ স্থানান্তৰিত হ'বলৈ কঠোৰ নিৰ্দেশ দিছে। প্ৰকাশযোগ্য যে আমছুকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনে ধলপুৰৰ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে । চৰকাৰে আমছুৰ দাবীৰ প্ৰতি সহাৰি জনাই ধলপুৰৰ উচ্ছেদিত লোকসকলক সংস্থাপনৰ বাবে আমছুৰ নেতৃত্বৰে কেইবালানিও আলোচনা কৰে ।

বিগত বৰ্ষৰ যোৱা ৩১ জানুৱাৰীত দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত দলগাঁৱৰ বিধায়ক মজিবৰ ৰহমান , আমছুৰ নেতৃত্বকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনৰ সৈতে জিলা প্ৰশাসনে এক বৈঠকত মিলিত হৈ ধলপুৰৰ উচ্ছেদিত সকলক দলগাঁৱত সংস্থাপিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰথম পৰ্যায়ত নিজ শালমাৰাৰ পৰা বৰবাৰীলৈ স্থানান্তৰিত হোৱা ২১০ টা আৰু নিজ শালমাৰাত প্ৰকল্পৰ ভূমি বেদখল কৰি থকা ৪২৩ টা ( মুঠ ৬৩৩ টা) পৰিয়ালক দলগাঁৱত সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু এই পৰিয়ালসমুহক দলগাঁৱলৈ স্থানান্তৰিত হ'বলৈ নিৰ্দেশ দিয়ে।

আৰু পঢ়ক: লোকপিয়ল! ৩ আইএএছ বিষয়াক নিযুক্তি কেন্দ্ৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in