/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/nli3wagx/11.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ গছ কটাৰ বিৰোধিতাৰে এইবাৰ প্ৰতিবাদত নামি পৰিছে ভৰলুমুখৰ ৰাইজ। শনিবাৰে পুৱা প্ৰায় শতাধিক ৰাইজ তথা ছাত্ৰ সমাজে ভৰলুমুখত গছ কটাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। বিগত এসপ্তাহে ভৰলুমুখৰ গছ ৰক্ষাৰ বাবে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি প্রতিবাদ জনাই আহিছে নাগৰিক সমাজে।
উল্লেখ্যযোগ্য যে, ৮০ জোপাতকৈও অধিক গছ ইতিমধ্যে চিহ্নিত কৰা হৈছে। ইফালে গছ কাটি উৰণ সেতু নিৰ্মাণ কৰা ধৰণৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে আজি ভৰলুমুখৰ ৰাইজে ক্ষোভ উজাৰাৰ লগতে বিক্ষোভ প্ৰদৰ্শন কৰে।
প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ গছক ৰক্ষা কৰক, গছ কাটিব দিয়া নহ'ব,উন্নয়নৰ নামত গছ কটা বন্ধ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।উল্লেখ কৰা প্ৰয়োজন যে, ভৰলুমুখ ৰে’লগেটত সৃষ্টি হোৱা যানজঁট নিয়ন্ত্রণৰ বাবে উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্ত লৈছিল।
Also Read: ভাষা গৌৰৱ সপ্তাহ: শোভাযাত্ৰাৰ বাৰেৰহণীয়া কৃষ্টিৰে প্ৰাণ পায় উঠিল জাগীৰোড মহাবিদ্যালয়...