/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/ywk8vjth/6.jpg)
ডিজিটেল সংবাদ,মায়ংঃ শনিবাৰে জাগীৰোড মহাবিদ্যালয়ত বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমীয়া ভাষাই ধ্ৰুপদী সাহিত্যৰ মৰ্য্যদা লাভ কৰা উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত আৰু জাগীৰোড মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ তত্বাৱধানত সপ্তাহজুৰি হোৱা কাৰ্য্যসূচীৰ অংশ হিচাপে আজি জাগীৰোড মহাবিদ্যালয়ত এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
৫ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি সমূহ প্ৰদৰ্শন কৰা হয়। আজিৰ শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত দাসে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হয়। নাকৰ দ্বাৰা এ+ গ্ৰেড লাভ কৰা জাগীৰোড মহাবিদ্যালয়তো ৪ নবেম্বৰৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/ng7apnlw/18ca728a-519f-47e3-9662-2bdde0446490.jpg)
৪ নবেম্বৰত "সামাজিক মাধ্যমত অসমীয়াত লিখন" বিষয়ৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে ছাত্ৰ-ছাত্ৰী সকলক মোবাইল ফোনত শুদ্ধ অসমীয়া ভাষা লিখাৰ কৌশল সম্পৰ্কে বিতং ভাৱে বুজায়। অধ্যক্ষ ড° নেওগে ছাত্ৰ ছাত্ৰী সকলক গুগুল প্লে'ষ্টোৰৰ পৰা মোবাইল ফোনত পদ্মনাথ অভিধান উপলব্ধ কৰোৱাই অসমীয়াত লিখন শৈলী সম্পৰ্কে হাতে কামে বুজাই লিখোৱাৰ ব্যৱস্থা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/38tbfmgt/ee5a5459-9929-484d-af61-887471822189.jpg)
এই অনুষ্ঠানত আই কিও এ চি ৰ সমন্বয়ক ড° চিত্ত ৰঞ্জন সৰকাৰ, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ক্ৰমে ড° মীৰা বৈশ্য, ড° গাৰ্গী ফুকন, ড° কনিমা পাঠক আৰু অপৰ্ণা ৰাজাই ভাষাৰ ক্ৰম বিকাশৰ ধাৰা আৰু বিভিন্ন সময়ত ভাষা লৈ আগবঢ়োৱা বৰেণ্য ব্যক্তি সকলৰ অৱদান,অসমীয়া সাহিত্যৰ ইতিবৃত্ত আদিৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলক বিবৰি কয়। মহাবিদ্যালয়ত নিম্নোক্ত বিষয়ৰ ওপৰত অনুষ্ঠান অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/o7d1s6so/49b031aa-7872-4611-a93a-ca63024dd6d7.jpg)
৫ নৱেম্বৰত থিতাতে লিখা অনুগল্প আৰু কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰে।৬ নৱেম্বৰত শ্ৰুতলিপি আৰু পঠন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ৮ মহাবিদ্যালয়ত ৰসৰাজ বেজবৰুৱাৰ "সৰৱজান" সাধুক নাট্য ৰূপ দি বাটৰ নাট প্ৰদৰ্শন কৰে। আজি সামৰণি অনুষ্ঠানৰ মুকলি সভা আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত সাংস্কৃতিক শোভাযাত্ৰা জাগীৰোড উঃ মাঃ বিদ্যালয় খেল পথাৰৰ পৰা আৰম্ভ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/5b0hh6ih/dcc33194-75be-445f-9382-c648a911c76d.jpg)
এই সভাৰ আৰম্ভণিতে ৰসৰাজ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ পৰা লোৱা 'সৰৱজান ' সাধুক বাটৰ নাট আকাৰে সভাত প্ৰদৰ্শন কৰাৰ উপৰিও 'অসমীয়া ভাষাৰ গৌৰব উজ্জ্বল ইতিহাস'ক আধাৰ হিচাপে লৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এক আটক ধুনীয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। আজিৰ শোভাযাত্ৰাত জাগীৰোড মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় "অসমীয়া ভাষা সাহিত্যৰ গৌৰব উজ্জ্বল ইতিহাস" ৰ ক্ৰম অনুসৰি যুগৰ প্ৰতিনিধিত্বমূলক তালিকাও। ইয়াৰ পিছতেই মুকলি সভা অনুষ্ঠিত হয়।
Also Read: দুটা কুকুৰৰ বাবে এটোপাল চকুপানী...