
ডিজিটেল সংবাদ,দেৰগাঁও : ৰাজ্য চৰকাৰে আবণ্টন দিয়া "অসম দৰ্শন" আঁচনিৰ পুঁজি ৰূপায়নৰ বেলিকা দেৰগাঁৱত ব্যাপক খেলিমেলিৰ অভিযোগ উঠিছে। প্ৰাপ্ত তথ্যমতে দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ১৯২২ চনত প্ৰতিষ্ঠা লাভ কৰা শতবৰ্ষ গড়কা ঐতিহাসিক নেঘেৰিটিং কালী মন্দিৰৰ উন্নয়ন বাবে অসম চৰকাৰে ১০ লাখ টকাৰ এককালিন অনুদান আগবঢ়াইছিল ।
কিন্তু সুৰেশ মিৰ্ধা সভাপতি আৰু ৰাজীৱ চাহু সম্পাদক হিচাপে থকা মন্দিৰ পৰিচালনা সমিতিয়ে আজিলৈকে সু পৰিকল্পিতভাৱে প্ৰেক্ষাগৃহ নিৰ্মাণ নকৰাত দৈনিক দূৰ-দুৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজ বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । মূলতঃ পৰিচালনা সমিতিৰ অ-পৰিপক্কতাৰ বাবে ৰান্ধনিশালৰ লগতে ভোজন কক্ষৰ অৱস্থা একেবাৰে বিধ্বস্ত হৈ থকাত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈয় আহিছে ।
তদুপৰি দীৰ্ঘদিন অৰ্ধনিৰ্মিত গৃহটোৰ টিনপাত আজিলৈকে নলগোৱাৰ বাবে সাধাৰণ এজাক বৰষুণ দিলেই সকলো তিতি যায় । অন্যহাতে প্ৰস্ৰাবগাৰ আৰু শৌচাগাৰৰ নামত এটি গৃহ আছে যদিও দুৰ্গন্ধৰ বাবে ইয়াক ব্য়ৱহাৰৰ অনুপযোগী।
পূজা-অৰ্চনাৰ বাবে ৰাইজে ব্যৱহাৰ কৰা ধূপ,চাকি,অন্যান্য সমগ্ৰীসমূ য'তে-ত'তে পেলাই থোৱাৰ বাবেও সমগ্ৰ পৰিৱেশ কুলষিত হৈ পৰিছে । এই সম্পৰ্কেও কাৰো গুৰুত্ব নাই বুলি সচেতন ৰাইজে অভিযোগ ব্যক্ত কৰে ।
উল্লেখ্য যে চৰকাৰীভাৱে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা মন্দিৰ সংযোগী পথৰ বাবে ৭৫ লাখ আৰু মন্দিৰৰ উন্নয়নৰ বাবে ১০ লাখ টকা ২০১৯-২০ বৰ্ষত অসম দৰ্শন আঁচনিৰ আধাৰত আবণ্টিত হৈছিল। কিন্তু ৰাইজৰ সৰলতাৰ সুযোগ লৈ ধনৰ সদব্যৱহাৰ নোহোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।
সেয়ে ৰাইজৰ স্পষ্ট অভিযোগ- এই ঐতিহাসিক কালী মন্দিৰলৈ দৈনিক শ শ লোকৰ আগমন হোৱাৰ প্ৰতি লক্ষ ৰাখি শীঘ্ৰেই সু-পৰিকল্পিত ৰূপত গৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰক। নহ'লে এই সমগ্ৰ দুৰ্নীতিৰ আৰু অনিয়মৰ বিষয়টোৰ উচিত তদন্তৰ দাবী জনাই ৰাজহুৱাভাৱে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনোৱা হ'ব বুলি উল্লেখ কৰে ।