ৰঙিয়াৰ পকী দলং নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি ভৱেশ কলিতাৰ

ৰঙিয়াৰ পকী দলং নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি ভৱেশ কলিতাৰ

ডিজিটেল সংবাদ, ৰঙিয়াঃ যাতায়াত আৰু যোগাযোগ ব্যবস্থাক সুচল তথা গতিশীল কৰি তোলাৰ লক্ষ্যৰে জৰাজীৰ্ণ কাঠৰ দলঙসমূহ পকীকৰণলৈ উন্নীতকৰণ কৰি তুলিবলৈ বুধবাৰে অসম চৰকাৰৰ লোক নিৰ্মাণ(পথ) বিভাগৰ অধীনত বিশ্ব বেংকৰ পুঁজিৰ অধীনত অসম স্থিতি স্থাপক গ্রাম্য দলং আঁচনি(ARRBP)ৰ দ্বাৰা মুঠ ৩০ কোটি টকা ব্যয় সাপেক্ষে ৭খনকৈ নিৰ্মাণ হ'বলগীয়া বৃহৎ পকী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই ।

উল্লেখ্য যে বিধায়কগৰাকীয়ে ৰাইজৰ বাবে মুকলি কৰা ৭খনকৈ কাঠৰ দলং পকীকৰণ কৰি তুলিবলৈ মুঠ ৩০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা পকী দলঙসমূহ হৈছে ভয়ৰা-কাউৰপাৰা পথ সংযোগী দলং, বগলচ ৰোডৰ পৰা ৰঙিয়া হাজো পথ হৈ কানিকুছি নদী পাৰ চুপা লৈ যোৱা দলং, কেঁকুৱা হাটী বাথৌ মন্দিৰৰ পৰা নোনা পাৰ পথলৈ যোৱা দলং, জলজলী খোপনিকুছি পথ লৈ যোৱা দলং, পীতাম্বৰ-হেমডোল(বৰকুকুৰীয়া) দলং, শলমাৰিৰ পৰা চিৰাখুন্দিলৈ যোৱা দলং, ইচ্ছাপুৰৰ পৰা ন'নাপাৰলৈ যোৱা দলং ।

ইফালে ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডৰ নগৰবাসী ৰাইজক উন্নত স্বাস্থ্য সেৱা সুলভ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অভিলাষী আঁচনি "আয়ুষ্মান ভাৰত"ৰ নৱতম প্ৰৱৰ্তন স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ অধীনত ৰঙিয়া ৱাৰ্ড নং-৬ ৰ সৰস্বতী কলনীত নিৰ্মাণ কৰা ৰঙিয়া নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ স্বাস্থ্য কেন্দ্ৰটি আজি শুভ উদ্বোধন কৰে বিধায়ক ভৱেশ কলিতাই ।

উল্লেখ্য যে ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ১, ৫, ৭, ৮ নং ৱাৰ্ডবাসী ৰাইজক স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ নগৰীয়া স্বাস্থ্য সেৱা কেন্দ্ৰ স্থাপন কৰা হয় আৰু এই স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে সহজে স্বাস্থ্যসেৱা লাভ কৰাত যথেষ্ট উপকৃত হ'ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে ।

ৰঙিয়াৰ পকী দলং নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি ভৱেশ কলিতাৰ
কলিয়াবৰত হাজাৰী ভাওনাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in