Advertisment

ৰঙিয়াৰ মূৰাৰাৰ ৪৩ সংখ্যক শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ সামৰণি

ৰঙিয়াৰ মূৰাৰাৰ ৪৩ সংখ্যক শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ সামৰণি

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ মূৰাৰাৰ ৪৩ সংখ্যক শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ সামৰণি

ডিজিটেল সংবাদ,ৰঙিয়া: অগণন ভক্তৰ সমাবেশেৰে মুখৰিত হৈ পৰিল ৪৩ সংখ্যক শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগন । ইয়াকে লৈ পুৱাৰে পৰা বিষ্ণু মন্দিৰত নিজৰ নিজৰ মনোকামনা বিচাৰি প্ৰভূ বিষ্ণুৰ চৰণত ভক্তিভাৱেৰে ধুপ আৰু চাকি জ্বলোৱা পৰিলক্ষিত হয় ।

Advertisment

ইফালে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত মঙলবাৰে উপস্থিত থাকি আনটাইড ফাণ্ডৰ অধীনত ৫ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰা সভাঘৰটি মুকলি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই । মুকলি কৰি বিধায়ক গৰাকীয়ে আধ্যাত্মিক পৰিৱেশৰ গতিধাৰা লৈ ৪৩ সংখ্যক বিষ্ণু মন্দিৰৰ কিছু ইতিবৃত্ত আলোকপাত কৰে ।

তদুপৰি অনাগত দিনত স্থায়ী ৰভাঘৰ আৰু বিষ্ণু মন্দিৰৰ ৰাস্তাটো নিৰ্মাণ কৰি দিয়াৰ বাবে ভক্তসকলৰ ওচৰত আশা প্ৰকাশ কৰে । আনহাতে আজি কাৰ্যসূচী অনুসৰি পুৱা ভাগৱত পাঠ আৰু আয়তীসকলৰ নাম পৰিবেশনৰ পিছত হোমযজ্ঞৰ লগে লগে ভক্ত সকলৰ মাজত পুষ্পাঞ্জলী, মহাভোগ প্ৰদান অনুষ্ঠানেৰে প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰে ।

ইফালে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ নিজ কাউৰবাহা(বৰঘুলি)স্থিত খণ্ড 'প্ৰাথমিক স্বাস্থ্য কেন্দ্র'ৰ চৌহদত ৩কোটি টকা ব্যয়ৰে নৱনিৰ্মিত সুবিশাল আটকধুনীয়া নতুন চিকিৎসালয় ভৱনটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিধায়ক ভৱেশ কলিতাই । মুকলি কৰি বিধায়ক গৰাকীয়ে নৱ নিৰ্মিত চিকিৎসালয় খনৰ জৰিয়তে সমগ্ৰ ৰঙিয়া,গোৰেশ্বৰ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজে সহজভাৱে চিকিৎসা সেৱা পাবলৈ সক্ষম হব বুলি উল্লেখ কৰে ।

Also Read: ৰমজানৰ প্ৰথম দিনটোতেই অঘটন, মছজিদলৈ যোৱাৰ পথত প্ৰাণ গ'ল কনমানিৰ

bhebeh kalita bjp