গোৰেশ্বৰৰ বান পৰিস্থিতিৰ বুজ ল’লে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই…

গোৰেশ্বৰৰ বান পৰিস্থিতিৰ বুজ ল’লে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই…

author-image
asomiyapratidin
New Update
গোৰেশ্বৰৰ বান পৰিস্থিতিৰ বুজ ল’লে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই…

ডিজিটেল সংবাদ, গোৰেশ্বৰ: দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত গোৰেশ্বৰ অঞ্চলৰ কুৰিখনৰো অধিক গাঁও এতিয়া পানীৰ তলত।

Advertisment

গোৰেশ্বৰ,মহৰিপাৰা, ৰৌমাৰী আদি কেইবাটাও অঞ্চলত বানৰ বুজ লয় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণে সাহাৰ্য মজুত আছে বুলি মন্তব্য কৰে ভৱেশ কলিতাই।

শুকুৰবাৰে গোৰেশ্বৰৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বহু কেইটা আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

উল্লেখ্য যে গোৰেশ্বৰৰ বহুকেইটা ৱাৰ্ডৰ লগতে মাদলৱাৰী, পুখুৰীপাৰ, বগৰীবাৰী,নিজ কুছলা,চেনীগাঁও,খৈৰাবাৰী আদি অঞ্চল বানপানীত বৃহৎ ক্ষতিগ্ৰস্ত হয় বানত।

আৰু পঢ়ক: ড° নৰেন কলিতালৈ কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় বঁটা…

bhabesh kalita flood assam