ড° নৰেন কলিতালৈ কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় বঁটা…

ড° নৰেন কলিতালৈ কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় বঁটা…

ডিজিটেল সংবাদ , নগাঁও : কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় বঁটা আগবঢ়োৱা হৈছে নগাঁৱৰ সাহিত্যিক,গৱেষক ড° নৰেন কলিতাক ৷ শঙ্কৰী কলা সংস্কৃতিৰ গবেষক পণ্ডিত ড° নৰেন কলিতাক ২০ জুনত প্ৰদান কৰা হ'ব এই বঁটা ৷ শঙ্কৰী কলা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিস্থা কৰাৰ ক্ষেত্ৰত নীৰৱে সাধনা কৰা ড° কলিতাক অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে কৃষ্ণকান্ত সন্দিকৈ বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ কথা বিভাগটোৰ তৰফৰ পৰা বৃহস্পতিবাৰে নিশা অৱগত কৰা বুলি জানিব পৰা গৈছে ৷ ২০ জুনৰ দিনা ড° কলিতাক ডিব্ৰুগড়ৰ এক অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে বঁটাটি প্ৰদান কৰাৰ কথা ৷

উল্লেখ্য এই যে বৰদোৱাত লুকাই থকা কাঠৰ প্ৰাচীন ভাস্কৰ্য শিল্প , তাৰ ইতিহাস আৰু নন্দনমূল্য বিচাৰ কৰি ড° কলিতাই প্ৰকাশ কৰা " বৰদোৱাৰ শিল্পবস্তু "শীৰ্ষক গ্ৰন্থ খনি হৈছে ড° নৰেন কলিতাৰ অনন্য সৃষ্টি ৷ গ্ৰন্থ খনি ভাস্কৰ্য সমূহ ক'লা বগা আৰু ৰঙীন চিত্ৰৰে সমৃদ্ধ ৷

দুটি ভাগত প্ৰকাশ পোৱা গ্ৰন্থ খনিৰ দ্বিতীয় ভাগত গৱেষক ড° কলিতাই ভাস্কৰ্য সমূহৰ মাজেৰে প্ৰকাশ নৃত্য আংগিক গুৰুত্ব প্ৰদান কৰিছিল ৷ ১৯৪০ চনত জন্ম গ্ৰহণ কৰা ড° কলিতাই ১৯৮৫ চনত " বৰদোৱা শিল্পবস্তু " ৰ জৰিয়ত বৰদোৱাৰ কাঠৰ ভাস্কৰ্যৰ বিষয়ে অধ্যয়ন , ১৯৮৬ চনত " কপিলীপাৰ কছাৰীপাৰ " ৰ জৰিয়তে কপিলী যমুনা উপত্যকাৰ শিলৰ প্ৰাচীন ভাস্কৰ্য আৰু সমাজ অধ্যয়ন , ১৯৮৬ ত অসমৰ পুথিচিত্ৰ , ২০০৮ ত বিল্বমংগল স্তোত্ৰ গ্ৰন্থ কেইখনি প্ৰকাশ কৰিছিল ৷

ইয়াৰ বাহিৰও ড° কলিতাৰ ইংৰাজী ভাষাৰ আৰু ছখন গবেষনামূলক গ্ৰন্থ আছে ৷ অসম সাহিত্য সভাৰ হৰিপ্ৰসাদ নেওগ মুদ্ৰন অলংকৰন বঁটা , জগদ্ধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা , চিত্ৰপট সন্মান , আনন্দৰাম বৰুৱা বঁটা , মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱ বঁটা প্ৰাপক ড° নৰেন কলিতাৰ সন্দৰ্ভত সাহিত্যাচাৰ্য মহিম বৰাই কৈছিল " মই ভাবো অসম সাহিত্য সভাৰ সভাপতিৰ বাবে তেওঁ উপয়ুক্ত লোক ৷" ৮৩ টি বসন্ত পাৰ কৰা ড° কলিতাই বৰ্তমানেও অধ্যয়ন আৰু সাহিত্য সৃষ্টিত নীৰবে মনোনিৱেশ কৰি আহিছে ৷

ইফালে ড° কলিতাক অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ২০২১ বৰ্ষৰ কৃষ্ণ কান্ত সন্দিকৈ কেন্দ্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱাত আনন্দিত হৈ পৰিছে তেখেতৰ অনুৰাগী সকল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in