ফুলনি নগৰৰ লংকাঠাৰ গাঁৱত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

কাৰ্বি আংলং জিলাৰ ফুলনি নগৰৰ লংকাঠাৰ গাঁৱত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ ।
ফুলনি নগৰৰ লংকাঠাৰ গাঁৱত  দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ফুলনি নগৰৰ লংকাঠাৰ গাঁৱত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ ।

উল্লেখ্য যে ফুলনি নগৰৰ পৰা কিছু নিলগত থকা লংকাঠাৰ গাঁৱৰ দেবেন কাঠাৰে তিনি জন বন্ধুৰ সৈতে ঘৰৰ বাৰীত বাহ কাটি থাকোঁতে উদ্ধাৰ কৰে লাজুকী বান্দৰটো ।

আনহাতে লগে লগে ফুলনি বন বিভাগৰ বিষয়া ৰাজু ক্ৰ'ক দেবেন কাঠাৰে লাজুকী বান্দৰ উদ্ধাৰ হোৱা কথা অৱগত কৰে ।

উক্ত স্থানত ফুলনি বন বিভাগৰ কৰ্মীসকল উপস্থিত হৈ লাজুকী বান্দৰটো উদ্ধাৰ কৰাৰ লগতে ডকমকাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ অফিচত গতাই দিয়ে ।

ফুলনি নগৰৰ লংকাঠাৰ গাঁৱত  দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ
কুৰুৱাবাহীত পথ দুৰ্ঘটনা: এজনৰ অৱস্থা সংকটজনক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in