হিতাধিকাৰীয়ে লাভ কৰা নাই সুলভ মূল্যৰ চাউল

হিতাধিকাৰীয়ে লাভ কৰা নাই সুলভ মূল্যৰ চাউল

ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সুলভ মূল্যৰ সামগ্ৰী বিতৰণত দুৰ্নীতি। অক্টোবৰ মাহত জিলাখনত ৪০ শতাংশ হিতাধিকাৰীয়ে লাভ কৰা নাই সুলভ মূল্যৰ চাউল। এসময়ৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হেজাৰ কোটি টকা কেলেংকাৰীৰ অভিযুক্ত আৰ এইচ খানৰ ভাতৃৰ বিৰুদ্ধে উত্থাপিত হৈছে চাউল বিতৰণ নকৰাৰ অভিযোগ।

প্ৰধানমন্ত্ৰী কল্যাণ গৰীব অন্য যোজনাৰ অধীনত থকা ৰেচন কাৰ্ডৰ হিতাধিকাৰীক প্ৰতি মাহৰ ১৫ তাৰিখৰ ভিতৰত ৫ কেজিকৈ চাউল বিতৰণ কৰিব লাগে। কিন্তু আজি অক্টোবৰ মাহৰ ২৫ তাৰিখ অতিক্ৰম কৰাৰ পাচতো ৰহস্যজনকভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৪০ শতাংশ হিতাধিকাৰীয়ে সুলভ মূল্যৰ বিনামূলীয়া চাউল লাভ কৰা নাই। সমগ্ৰ অসমত ইতিমধ্যে প্ৰায় ৯০ শতাংশ লোকক সুলভ মূল্যৰ চাউল বিতৰণ কৰা হৈছে। কিন্তু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মাত্ৰ ৬০ শতাংশ চাউলহে বিতৰণ কৰা হৈছে।

বাকী ৪০ শতাংশ চাউল বিতৰণ নকৰাক লৈ বুধবাৰে ৰাইজৰ দল জাঙুৰ খাই উঠিছে। ইতিমধ্যে বিষয়টোক লৈ ৰাইজৰ দলৰ পৰা হাটশিঙিমাৰী জিলা আয়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰা হৈছে। আগন্তক ২ দিনৰ ভিতৰত বাকী চাউলখিনি বিতৰণ কৰিবলৈ সুলভ মূল্যৰ চাউল বিতৰণৰ ডিষ্ট্ৰিবুটৰক ৰাইজৰ দলে সকিয়নি প্ৰদান কৰিছে।

ৰাইজৰ দলৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আনিছুৰ ৰহমানে কৰা অভিযোগ মতে, এসময়ত উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হেজাৰ কোটি টকীয়া কেলেংকাৰীৰ অভিযুক্ত আৰ এইচ খানৰ ভাতৃৰ নামত থকা ডিষ্ট্ৰিবুটৰৰ পৰা চাউলখিনি আত্মসাৎ কৰাৰ ফন্দি উলিয়াইছে। মাহেকৰ চাউল মাহেকত নিদি বছৰৰ শেষত এটা কোটাৰ চাউল আত্মসাৎ কৰিলে ডিষ্ট্ৰিবুটৰে প্ৰায় কোটি টকাৰ মুনাফা লাভ কৰে। সেই বাবেই ২৫ তাৰিখ অতিক্ৰম কৰাৰ পাচতো জিলাখনত ৪০ শতাংশ হিতাধিকাৰীক চাউল বিতৰণ কৰা হোৱা নাই বুলি ৰাইজৰ দলে অভিযোগ তুলিছে।

মন কৰিবলগীয়া যে জিলাখনৰ একাংশ সুলভ মূল্যৰ দোকানীয়ে কেবামাহ ধৰি এক কেজি চাউলও ডিষ্টিবুটৰৰ পৰা লাভ নকৰাত কেবা সহস্ৰাধিক হিতাধিকাৰী সুলভ মুল্যৰ চাউল লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে। বিষয়টোক লৈ জিলা প্ৰশাসনে আৰ এইচ খানৰ ভাতৃৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহন কৰে সেয়া হব লক্ষণীয়।

হিতাধিকাৰীয়ে লাভ কৰা নাই সুলভ মূল্যৰ চাউল
অমানবীয় : খাদ্যৰ বাবেই কাজিয়া কৰি মাতৃক জ্বলাই দিলে নিজ পুত্ৰই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in