ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি

১৯৭৩ চনতে ঢকুৱাখনাৰ শিক্ষানুৰাগী বিদ্বৎ সমাজৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে গুণগত জ্ঞানৰ গৰিমা বিলাই চলিত বৰ্ষত গৌৰৱোজ্জ্বল ৫০ টা বৰ্ষ অতিক্ৰম কৰিছে।

author-image
Asomiya Pratidin
New Update
ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা: ১৯৭৩ চনতে  ঢকুৱাখনাৰ শিক্ষানুৰাগী বিদ্বৎ সমাজৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে  গুণগত জ্ঞানৰ গৰিমা বিলাই চলিত বৰ্ষত গৌৰৱোজ্জ্বল ৫০ টা বৰ্ষ অতিক্ৰম কৰিছে। বৃহত্তৰ দক্ষিণ ঢকুৱাখনা অঞ্চলৰ অন্যতম প্ৰধান উচ্চ শিক্ষানুষ্ঠানখনৰ এনে বৰ্ণিল সফল শৈক্ষিক যাত্ৰাক সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে বিদ্যালয় পৰিয়াল আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগত সোণালী জয়ন্তী মহোৎসৱটি উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ।

Advertisment

বৃহত্তৰ অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজৰ সংঘবদ্ধ প্ৰচেষ্টাত অহা ১০ ,১১ আৰু ১২ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতব্য এই সোণালী জয়ন্তী উৎসৱ সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰবীণ শিক্ষাবিদ তথা বিদ্যালয়খনৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তৰুণ পাতিৰক সভাপতি হিচাবে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে ।

প্ৰায় ২০ লাখ টকা বাজেট গ্ৰহণ কৰি উদযাপন সমিতিয়ে দ্ৰুত গতিত জয়ন্তীৰ কাম কাজ আগবঢ়াই নিয়া বুলি জানিব পৰা গৈছে । জয়ন্তীৰ প্ৰথম দিনা পতাকা উত্তোলন , মূল তোৰণৰ দ্বাৰ উন্মোচন , বিদ্যালয়ৰ নব নিৰ্মিত ছাত্ৰী জিৰণি কোঠাৰ দ্বাৰ উন্মোচন, বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা" আলোড়ন" উন্মোচন ,গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন , সাহিত্যনুষ্ঠান আৰু বিয়লি "নিচাযুক্ত দ্ৰব্য ,যুৱ উশৃংখলতাআৰু সমাজৰ কৰণীয়" শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হব'।

দ্বিতীয় দিনা স্মৃতি গ্ৰন্থ "সোণালী সুবাস" উন্মোচন , ছাত্ৰ ছাত্ৰীৰ নৈতিক উৎকৰ্ষ সাধনত বিদ্যালয় আৰু সমাজৰ ভূমিকা" শীৰ্ষক আলোচনাচক্ৰ ,প্ৰাক্তন শিক্ষাৰ্থীৰ অন্তৰংগ আলাপ আৰু নিশালৈ নাট্য আৰু  সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। অন্তিম দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হব ।ইয়াৰ পাছতে অনুষ্ঠিত হব লগা মুকলি সভাত মুখ্য অতিথি হিচাবে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু ,নিৰ্দিষ্ট বক্তা হিচাবে প্ৰবীণ শিক্ষাবিদ অমিয় কুমাৰ সন্দিকৈৰ লগতে বহু কেইগৰাকী শিক্ষাবিদ, ৰাজনৈতিক নেতা ,জনপ্ৰতিনিধি , প্ৰশাসনিক বিষয়া আৰু ছাত্ৰ নেতাই অংশগ্ৰহণ কৰিব। উদযাপন সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ পাতিৰে  জয়ন্তীৰ সমূহ কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে বিদ্যালয়ত অধ্যয়ন কৰি যোৱা সমূহ শিক্ষাৰ্থী , সমূহ প্ৰাক্তন শিক্ষক কৰ্মচাৰী , শুভাকাংক্ষী ৰাইজ, বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমান পৰ্যন্ত জড়িত সকলো শিক্ষাব্রতী ৰাইজ ,অভিভাৱক আৰু শুভানুধ্যায়ীৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

assam dhakuakhana