গোলাঘাট জিলাৰ সৈতে অন্তৰ্ভুক্ত তিতাবৰৰ বেকাজান পঞ্চায়ত

হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট সিদ্ধান্তৰ বিৰোধিতা বেকাজানবাসী ৰাইজৰ
গোলাঘাট জিলাৰ সৈতে অন্তৰ্ভুক্ত তিতাবৰৰ বেকাজান পঞ্চায়ত

ডিজিটেল সংবাদ, বেকাজান : কেৱল ভোটৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ কেবিনেটে কালি নতুন দিল্লীত লোৱা সমষ্টি সলনিৰ সিদ্ধান্তত সম্প্ৰতি তিতাবৰ সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজান পঞ্চায়তত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে কালি দিল্লীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত তিতাবৰ সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজান আৰু বৰহোলা পঞ্চায়ত ১০খন ৰাজহ গাঁৱক গোলাঘাট জিলাত অন্তৰ্ভুক্ত কৰা সিদ্ধান্ত লয় । কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা পঞ্চায়তখনৰ ৰাইজে এই বিষয়ে একো কথাই নাজানে । তদুপৰি সীমান্তবাসী ৰাইজৰ জনমত নোলোৱাকৈ বিজেপি চৰকাৰে লোৱা এনে হঠকাৰী সিদ্ধান্তত ক্ষুব্ধ হৈ উঠাৰ লগতে তীব্ৰ বিৰোধিতা কৰিছে ।

উল্লেখযোগ্য আজি ৰাজ্যপাল দ্বাৰা স্বাক্ষৰিত ই চি এফ ২৬৩১৫৪ নম্বৰৰ এক অধ্যাদেশৰ জৰিয়তে যোৰহাট জিলাৰ ৪খন পঞ্চায়তৰ ৩৬ ৰাজহ গাঁও গোলাঘাট জিলাত অন্তৰ্ভুক্ত কৰিছে । এই চাৰিখন পঞ্চায়তৰ ভিতৰত তিতাবৰ সমষ্টিৰ বেকাজান পঞ্চায়তক অন্তৰ্ভুক্ত কৰা হৈছে । গোলাঘাট জিলাত অন্তৰ্ভুক্ত হোৱা বেকাজান পঞ্চায়তৰ ৰাজহ গাঁও কেইখন হৈছে হাফমাইল গ্ৰাণ্ট, গড়াজান, ১, ২, ৩, ৪, ৫ নং ব্লক গাঁও কেইখন আৰু ১ আৰু ২ নং কাকডোঙা হাবি দুখন ।

পৰিতাপৰ বিষয় যে স্বাধীনতা পূৰ্বৰ পৰা অবিভক্ত শিৱসাগৰ জিলাৰ অন্তৰ্গত কাকডোঙা সংৰক্ষিত বনাঞ্চল এই গাঁৱসমূহ বৰ্তমান যোৰহাট জিলাত অন্তৰ্ভুক্ত । কিন্তু বৰ্তমান চৰকাৰে কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত খাৰুৱা তেল, তামোল -পান, ধান আৰু জৈৱিক শাক পাচলি বাবে বিখ্যাত অঞ্চলটি হঠাৎ গোলাঘাট সমষ্টিত অন্তৰ্ভুক্ত কৰাত হাহাকাৰ লাগিছে । সাধাৰণতে তিতাবৰ মহকুমাৰ সৈতে পোনপটীয়া প্ৰশাসনিক সম্পৰ্ক থকা পঞ্চায়তটোৰ ১২হাজাৰ ভোটাৰে গোলাঘাট জিলাৰ সৈতে যোগাযোগ কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব ।

তদুপৰি বেকাজান পঞ্চায়তৰ তিতাবৰতকৈ গোলাঘাট বহু দূৰ । গতিকে এনেবোৰ প্ৰশাসনিক অসুবিধা থকাৰ স্বত্বেও ৰাইজক কোনো কথা অৱগত আৰু জনমত নলৈ কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে বেকাজান পঞ্চায়তক গোলাঘাট জিলাৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ কাৰ্য ৰাইজ গৰজি উঠিছে । সম্প্ৰতি বেকাজানবাসী ৰাইজে কেবিনেটৰ এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে । ইয়াৰ বেকাজান ৰাইজৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in