/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5a9839a8-b899-4691-bc51-a3a9c8cf859b/bookfair.jpg)
ডিজিটেল ডেস্ক : আদিৰ পৰা অনাদিলৈ সমাদৃত গ্ৰন্থ । একোখন গ্ৰন্থই সময়ত একোজন মানুহক তৈয়াৰ কৰে, মৃৎ শিল্পীয়ে মূৰ্তি গঢ়াৰ দৰে । কিন্তু তথ্য প্ৰযুক্তি বিদ্যাৰ আগ্ৰাসনত যেন সমাদৰ কমি আহিছিল কিতাপৰ । ব্যস্ত মহানগৰীত কাৰো সময় নাই প্ৰিয় কিতাপখনৰ পাত লুটিয়াই চাবলৈ । স্মাৰ্ট ফোন, কম্পিউটাৰৰ মাজত হেৰাই গৈছিল নতুন কিতাপ এখনৰ পৃষ্ঠাবোৰত লাগি থকা গোন্ধটো ।
কিন্তু তাৰ মাজতেই, ইংৰাজী নৱবৰ্ষৰ প্ৰথমটি দিনতেই অসম গ্ৰন্থমেলা, গুৱাহাটীত পৰিলক্ষিত হ'ল ৫০ সহস্ৰাধিক গ্ৰন্থপ্ৰেমী । লোকে লোকাৰণ্য হৈ পৰিল চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ । গ্ৰন্থমেলাৰ বাকৰিত লেখক-প্ৰকাশক-পাঠকে একেলগে স্বাগতম জনালে নৱবৰ্ষক ।
বছৰটোৰ প্ৰথমটি দিনত, দিনৰ ভাগত গ্ৰন্থমেলাত উপস্থিতি কিছু সেৰেঙা আছিল যদিও বিয়লিৰ পৰা নিশালৈ হাজাৰ হাজাৰ লোকৰ সমাগমেৰে চানমাৰিৰ খেলপথাৰত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় । ইয়াৰ ওপৰিও প্ৰথমটো দিনত গ্ৰন্থৰ বিক্ৰীও আশাব্যঞ্জক বুলি জনায় প্ৰকাশন গোষ্ঠীসমূহে । ২৯ ডিছেম্বৰৰ পৰা বৰ্তমানলৈ প্ৰায় ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে বুলিও জনা গৈছে ।