/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/92c44420-e703-42cf-ab20-882a71f360c2/r14.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ পৰা পৰিত্ৰাণৰ বাবে গংগা পূজা কৰিলে চিমেনমুখৰ নৈপৰীয়াই। গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ(GNSM) নেতৃত্বত বৃহস্পতিবাৰে ১ নং লাদাংগুৰী কছাৰীত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ সমবেত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5a97923a-3979-4acf-8f23-22b25813ff52/b4c79cd0_83ba_4374_b658_0bac37bc7e68.jpg)
দিনজোৰা কাৰ্যসূচীৰে নদী পূজা অৰ্চনাৰ পিছতে হাঁহ,ছাগলী,সোণ, ৰুপ,তাম ধাতু,তামোল পানৰ টোপোলাৰ লগতে অনেক বস্তু নৈবেদ্যৰূপে আগবঢ়াই দেৱী মাৰ আৰাধনা কৰে। এখন কলৰ প্ৰতীকি ভূঁৰ বৰলুইতত উটাই দি খহনীয়াগ্ৰস্ত দূৰ্ভগীয়া ৰাইজৰ পৰিত্ৰাণৰ বাবে আশীৰ্বাদ বিচাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8f033423-e816-4f1b-a7c0-4dc11c066d1b/74c00a1c_9fad_499c_a6ca_402ee7c88d1b.jpg)
লক্ষনীয় যে এটা দশকতে ব্ৰহ্মপুত্ৰত জাহ গ'ল বৃহত্তৰ চিমেন মুখ অঞ্চলটোৰ বহু নৈপৰীয়া গাওঁ,বাট পথ, ৰাজহুৱা অনুষ্ঠান,বিশাল কৃষি ভূমিৰ লগতে শ-শ ঘৰ বাৰী। বৰলুইতৰ তাণ্ডৱত সৰ্বস্ব হেৰুৱাই বহুতেই স্থানান্তৰ হ'ল নিৰাপদ স্থানলৈ।
সম্প্ৰতিও তীব্ৰ খহনীয়াৰ কবলত আছে ৪-৫ খনকৈ গাঁও। আনহাতে কেবল নিৰ্বাচনৰ সময়তহে তথাকথিত জন প্ৰতিনিধিৰ মনত পৰে দুৰ্দশাগ্ৰস্ত ৰাইজলৈ। ৰাইজক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতিৰে তাল ফাল লগায় সভা সমিতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5cf0bea5-c603-44ea-9d30-4844ca0f0d88/489c017f_a505_4a91_9cdb_476837da728d.jpg)
কিন্তু ক্ষমতা লাভৰ পিছতে সকলো ফুঁটুকাৰ ফেনত পৰিণত হয়। যাৰ বাবে আজি পৰ্যন্ত সমাধা হোৱা নাই ভয়ংকৰ খহনীয়া সমস্যা। বৰঞ্চ আগতকৈ বিপজ্জনক ৰূপত অব্যাহত আছে খহনীয়াৰ প্ৰকোপ। বান খহনীয়া প্ৰতিৰোধত চূড়ান্তভাৱে বি জে পি চৰকাৰ ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰে।
সমাগত নিৰ্বাচনৰ পূৰ্বে খহনীয়া প্ৰতিৰোধৰ উচিত ব্যৱস্থা নল'লে বি জে পিক ভোট দিয়া নহ'ব বুলি তীব্ৰ সমালোচনা কৰি সকীয়াই দিয়ে ৰাইজে।
Also Read: ৰঙালী বিহুত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণঃ কোন মন্ত্ৰীক কি দায়িত্ব দিলে হিমন্ত বিশ্বই