/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/1f6e627b-e732-425e-8c5d-aa3a65e29bc6/dddddd.jpg)
অৱসৰী কৃতী শিক্ষক ভূটাইগাঁৱৰ বেদানন্দ মহন্ত আৰু নাই...
ডিজিটেল ডেস্কঃ নগাঁৱৰ উৰিয়া গাঁৱৰ কৃতী শিক্ষক, সমাজকৰ্মী তথা উৰিয়াগাওঁ বালক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বেদানন্দ (বুবুল) মহন্ত আৰু নাই। বিগত কিছুদিন অসুস্থ হৈ থকা ভূটাইগাওঁ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা জ্যেষ্ঠ সাংস্কৃতিক সাধকগৰাকীৰ শেহতীয়াভাৱে নগাঁৱৰে চিকতসালয়ত চিকিতসাধীন হৈ আছিল যদিও চিকিতসালয়ৰ পৰা ঘৰলৈ নিয়াৰ পিছত মঙলবাৰে বাৰে নিশা তেওঁৰ মৃত্যু হয়।
অশীতিপৰ বেদানন্দ মহন্তই মৃত্যুৰ সময়ত পত্নী, দুগৰাকী বিবাহিতা কন্যা কেইবাজনো ভাতৃ-ভগ্নী আৰু একমাত্ৰ বিবাহিত পুত্ৰক এৰি থৈ গৈছে। আত্মীয় ইষ্ট-কুটুম্ব উপস্থিত হোৱাৰ পাছত ভূটাইগাওঁ ৰাইজৰ সহযোগত পুৱা তেওঁৰ অন্তোষ্টেক্ৰিয়া সম্পন্ন কৰা হয়।
বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত সৰবৰহী অৱসৰী শিক্ষকগৰাকীক কিছুদিন পূৰ্বে উৰিয়াগাওঁ আঞ্চলিক উন্নয়ন সমিতি, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সংগঠনে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল। তেখেতৰ মৃত্যুৰ খবৰে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।
Also Read: কামপুৰত পুৱাই অঘটন, শ্ৰমিকৰ মৃত্যু...