বেচিমাৰী ডায়মণ্ড প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বীপৰ ফাইনেলত প্ৰৱেশ

ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত চলি থকা ষষ্ঠ বাৰ্ষিক অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বীপৰ আজিৰ প্ৰথমখন ৰোমাঞ্চকৰ ছেমি ফাইনেল খেলত বেচিমাৰী ডায়মণ্ড ক্লাৱে ওদালগুৰি লায়নছ্ ক্লাৱক ২ ৰাণত পৰাস্ত কৰে।

author-image
Asomiya Pratidin
New Update
বেচিমাৰী ডায়মণ্ড প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বীপৰ ফাইনেলত প্ৰৱেশ

ডিজিটেল ডেস্ক, ওদালগুৰিঃ ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত চলি থকা ষষ্ঠ বাৰ্ষিক অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বীপৰ আজিৰ প্ৰথমখন ৰোমাঞ্চকৰ ছেমি ফাইনেল খেলত বেচিমাৰী ডায়মণ্ড ক্লাৱে ওদালগুৰি লায়নছ্ ক্লাৱক ২ ৰাণত পৰাস্ত কৰে।

Advertisment

টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্তৰে বেচিমাৰীয়ে নিৰ্দ্ধাৰিত ৪০ অভাৰত ছুহাইল আলমৰ ৬০ ৰাণৰ বৰঙণিৰে সৰ্বমুঠ ২৩৯ ৰাণ সংগ্ৰহ কৰে। লায়নছৰ অমৰজিৎ সাহুই চাৰিটা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত বেট ধৰি লায়নছে ৩৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৭ ৰাণত ইনিংছ সামৰে।

দলটোৰ হৈ ড্ৰিংকুল দেউৰীয়ে ৪৯ ৰাণৰ বৰঙণি আগবঢ়োৱাৰ লগতে বেচিমাৰীৰ ইমতিয়াজুৰ ৰহমানে তিনিটা উইকেট দখল কৰে। আজিৰ খেলখনত জয়ী হৈ বেচিমাৰীয়ে প্ৰতিযোগিতাখনিৰ ফাইনেলত প্ৰৱেশ কৰে। কাইলৈ দ্বিতীয়খন ছেমি ফাইনেল খেল ওদালগুৰি টাউন স্প'ৰ্টছ্ ক্লাৱ বনাম ওৰাং জেনিথ ক্লাৱৰ মাজত অনুষ্ঠিত হ'ব।

Also Read: ব্যতিক্ৰমি চিন্তা-চৰ্চাৰে উৰিয়া গাঁৱৰ ভোগালী বিহু উৎসৱ

udalguri cricket primier club championship