ব্যতিক্ৰমি চিন্তা-চৰ্চাৰে উৰিয়া গাঁৱৰ ভোগালী বিহু উৎসৱ

ভোগৰ উৎসৱ ভোগালী বিহুক লৈ মানুহৰ উছাহৰ অন্ত নাই । ভাগে ভাগে খাদ্য সম্ভাৰ । অসমীয়াৰ বাপতি সাহোন বিহুটি কেনেদৰে পালন কৰিব তাক লৈ অনেক গুণাগথা ।

author-image
Asomiya Pratidin
New Update
ব্যতিক্ৰমি চিন্তা-চৰ্চাৰে উৰিয়া গাঁৱৰ ভোগালী বিহু উৎসৱ

ডিজিটেল সংবাদ, নগাঁওঃ ভোগৰ উৎসৱ ভোগালী বিহুক লৈ মানুহৰ উছাহৰ অন্ত নাই । ভাগে ভাগে খাদ্য সম্ভাৰ । অসমীয়াৰ বাপতি সাহোন বিহুটি কেনেদৰে পালন কৰিব তাক লৈ অনেক গুণাগথা । ইয়াৰ মাজতে এক ব্যতিক্ৰমি চিন্তা-চৰ্চা,পদক্ষেপ গ্ৰহণ বৃহত্তৰ উৰিয়াগাঁৱৰ ৰাইজৰ ।

Advertisment

পথাৰৰ পকা ধান ঘৰলৈ অনাৰ পাছতে অনুষ্ঠিত হোৱা এই হেঁপাহৰ ভোগালী বিহুত জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি এসাজ লগে-ভাগে খোৱা ।উৰিয়াগাঁও খেলপথাৰত আজি দুপৰীয়া ভাগত দেখা গ'ল তেনে এক দৃশ্যই । উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতি, উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ উৰিয়াগাঁও খেলপথাৰত আয়োজন কৰা ভোগালী বিহু উৎসৱৰ আজি অন্তিমদিনা অনুষ্ঠিত হয় ন-খোৱা পৰ্ব । এই ন-খোৱা পৰ্বতে মিলিজুলি এসাজ খাবলৈ সমবেত হয় অঞ্চলটোৰ হাজাৰৰো অধিক ৰাইজ । এই দৃশ্য আছিল অতি বিৰল ।

সকলো ভেদাভেদ আঁতৰাই সকলো বহি পৰিছিল এসাজ একেলগে খাবলৈ উৰিয়াগাঁও খেলপথাৰত । যান্ত্ৰিকতাই আবৰি ধৰা এই পৃথিবীত এনে পৰিবেশ সহজে দেখিবলৈ পোৱা নাযায় ।ইয়াৰ পূৰ্বে ভোগালী বিহুস্থলীত অনুষ্ঠিত হয় বঁটা বিতৰণী আৰু ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান ।অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদ নলিনী কান্ত বনিয়া আৰু বিশিষ্ট সমাজ সেৱক হৰেন বৰাক এই অনুষ্ঠানত তেওঁলোকে উৰিয়াগাঁও অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে আগবঢ়োৱা অবদানৰ বাবে গামোছা,চেলেং,শৰাই ,জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।

এই অনুষ্ঠানত উপস্থিত থাকি অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই উৰিয়াগাঁও অঞ্চলৰ সংগামী ইতিহাসৰ লগতে স্মৃতি ৰোমন্থন কৰে ।অনুষ্ঠানত সমাজসেৱক অচ্যিন্ত বৰুৱা আৰু নাৰায়ণ বনিয়া ,পীতাম্বৰ শইকীয়া,কমলেশ শইকীয়া, সুৰেশ বৰা আদি উপস্থিত থাকে ।

Also Read: বৰপেটা সত্ৰৰ পৰম্পৰাৰে ওদালগুৰিৰ সত্ৰ-নামঘৰত মেজি প্ৰজ্বলন

nagaon uriagaon magh bihu