/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ca864d93-455a-4345-a7f3-5d047c942163/hdx.jpg)
bebejiya
ডিজিটেল সংবাদ, বেবেজীয়াঃ ৰাজ্যত চৌদিশে এতিয়া ৰাসৰ উলহ-মালহ পৰিৱেশ। প্ৰান্তে প্ৰান্তে ৰাসৰ ব্যাপক আয়োজন। ৮ নৱেম্বৰৰ পৰা ডিমৌ চাৰিআলিত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ৰাস মহোৎসৱৰ। ৭নৱেম্বৰত বিয়লি গুৰু আসন প্ৰতিষ্ঠা, সন্ধিয়া গন্ধৰ্ব বাদন আৰু প্ৰসাদ বিতৰণ হয়। ৮ নৱেম্বৰত পুৱা উষা কীৰ্তন, ৮ বজাত ধৰ্ম ধজ্জা উত্তোলন কৰে ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি হেমন্ত ডেকাই।
ইয়াৰ পিছতে ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়। দুপৰীয়া নামপ্ৰসংগ কৰাৰ পাছত নিশা লৈ অঞ্চলৰ মহিলা সকলৰ দ্বাৰা কেলিগোপাল নাট অনুষ্ঠিত হয়। উক্ত ৰাস অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট অভিনেতা তথা প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে। ৯ নৱেম্বৰৰ নিশা বালিসৰা মহিলা সকলৰ দ্বাৰা অনুষ্ঠিত গঞা সুৰৰ তীৰ্থ যাত্ৰা ভাওনাখনি উদ্বোধন কৰে সমাজ কৰ্মী ললিত ডেকাই।
শেষৰ দিনা অৰ্থাৎ ১০ নৱেম্বৰৰ নিশা ডিমৌ চাৰিআলিত মঞ্চস্থ হোৱা “মন তই নাকান্দিবি” নাটখনি শুভ উদ্বোধন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ৷ সমাজকৰ্মী সুৰেশ ডেকাই আতঁধৰা অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী হৰিচৰণ ডেকা, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যুত বৰদলৈকে প্ৰমুখ্যে কৰি অঞ্চলৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
সামাজিক নাটক মঞ্চস্থৰে তিনিদিনীয়াকৈ আয়োজিত ডিমৌ চাৰিআলি ৬৮ তম্ শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ সফল সামৰণি পৰে ৷ উল্লেখ্য যে গোটেই কেইদিনৰ কাৰ্যসূচীত লোকে লোকাৰণ্য হোৱাৰ লগতে কৃষ্ণ বন্দনাৰে সমগ্ৰ অঞ্চলটো মুখৰিত হৈ পৰে।
আৰু পঢ়ক : ধেমাজি জিলা ছাত্র সন্থাৰ দশম বাৰ্ষিক অধিৱেশন আৰম্ভ...