চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ত সাংসদ প্ৰদ্যুৎ বৰদলৈক সম্বৰ্ধনা...

শৰাই, গামোচা, চেলেং, জাপিৰে সম্বৰ্ধনা জনোৱা হয় সাংসদগৰাকীক

author-image
Asomiya Pratidin
New Update
চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ত সাংসদ প্ৰদ্যুৎ বৰদলৈক সম্বৰ্ধনা...

bebejiya

ডিজিটেল সংবাদ, বেবেজীয়া : বৃহস্পতিবাৰে নগাঁও জিলাৰ বেবেজীয়া সমীপৰ ডিমৌ চাৰিআলিৰ চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ত প্ৰাক্তন মন্ত্ৰী তথা বিদ্যালয়ৰ শতবাৰ্ষিকীৰ সভাপতি উমেশ চন্দ্ৰ দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈক শৰাই, গামোচা, চেলেং, জাপিৰে সম্বৰ্ধনা জনোৱা হয় ।

Advertisment

সমাজকৰ্মী ললিত ডেকা আৰু ৰেব হাজৰিকাই আঁত ধৰা সভাখনি শিল্পী গীতাঞ্জলি দেৱীৰ বৰগীতেৰে আৰম্ভ হয়। সভাত শিল্পী পৰাণ দাস, বিপুল ডেকা, কেশৱ ৰাজা, সোনাৰাম দাস, হেমন্ত ডেকা, ভবেন দাস, মোহন দাস, পবীন ৰাজা, গকুল ডেকা আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে সাংসদ পুঁজিৰ পাঁচ লাখ ব্যয়েৰে বিদ্যালয়ৰ প্ৰাঙ্গনত এটি নাট্য চৰ্চা কেন্দ্ৰ নিৰ্মাণ কৰিছে।

আৰু পঢ়ক : দৰং জিলাতো লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন...

pradyut bordoloi bebejiya nagaon assam