উদুলি-মুদুলি বেবেজীয়া পালনাম থান

উত্তৰ-পূৱ ভাৰতৰ অগ্ৰণী ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা শাখাৰ ৮৮ সংখ্যক বাৰ্ষিক মহা পালনাম কীৰ্তন আৰু ধৰ্মালোচনী সভাখনি ২৪ জানৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় কাৰ্যালয় বেবেজীয়া পালনাম থানত আৰম্ভ হৈছে ৷

author-image
Asomiya Pratidin
New Update
উদুলি-মুদুলি বেবেজীয়া পালনাম থান

ডিজিটেল সংবাদ ,বেবেজীয়াঃ উত্তৰ-পূৱ ভাৰতৰ অগ্ৰণী ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা শাখাৰ ৮৮ সংখ্যক বাৰ্ষিক মহা পালনাম কীৰ্তন আৰু ধৰ্মালোচনী সভাখনি ২৪ জানৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় কাৰ্যালয় বেবেজীয়া পালনাম থানত আৰম্ভ হৈছে ৷ এই উপলক্ষে পুৱাৰে পৰা বুধবাৰৰ নিশালৈকে দুৰদুৰনিৰ পৰা অহা অসংখ্য ভকত- বৈষ্ণৱৰ উপস্থিতিয়ে কৃষ্ণনামৰ ধৰ্ব্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ বেবেজীয়া অঞ্চল ৷

Advertisment

আজি পুৱা ৫বজাত জিলা নামাচাৰ্য নিৰ্মল দাস আতাৰ পৰিচালনাত প্ৰাতঃ প্ৰসংগৰ পাছত ভকত বৈষ্ণৱ আদৰণি,শৰাই অৰ্চন-বন্দন অনুষ্ঠিত হয় ৷ পুৱা ১০ বজাত ধৰ্মধ্বজা উত্তোলন কৰে জিলা শাখাৰ সভাপতি ভূৱনেশ্বৰ দাসে ৷ দুপৰীয়া মধ্যহ্ন প্ৰসংগৰ পাছত বিয়লি ৩ বজাত একশৰণ ভাগৱতী সমাজৰ মুখপত্ৰ “কল্পতৰু” উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ টংকেশ্বৰ দাসে ৷ মুখপত্ৰ “কল্পতৰু” উন্মোচনী ভাষণত শিক্ষাবিদ দাসে কয় যে- “স্মৃতিগ্ৰন্থ” হ’ল সমাজৰ দাপোণ স্বৰূপ ৷

একশৰণ ভাগৱতী সমাজৰ মহাপালনামকে ধৰি সমাজৰ বিভিন্ন বিষয়ে সন্নিৱিষ্ট কৰি মুখপত্ৰ “কল্পতৰু” স্মৃতিগ্ৰন্থ খনিয়ে নৱপ্ৰজন্মক আধ্যাত্মিক দিশত এক অৰিহণা যোগাব বুলি উল্লেখ কৰে ৷ সমাজকৰ্মী প্ৰদীপ কুমাৰ দাসে আতঁধৰা আৰু একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্ৰতাপ মেধিয়ে সভাপতিত্ব কৰা মুখপত্ৰ উন্মোচনী সভাখনিত একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য বালিৰাম দাস,মুহিধৰ দাস,যোগেন দাস,জীৱন কাকতি,জিলা সম্পাদক উমাকান্ত দাস,প্ৰচাৰ সম্পাদক ডেভিদ দাস,ধনীৰাম দাস, বিধায়ক শশীকান্ত দাসৰ পত্নী স্বপ্না দাস , নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ বৰুৱা, জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত হাজৰিকাকে ধৰি একশৰণ ভাগৱতী সমাজৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ সকল উপস্থিত থাকে ৷

সন্ধিয়া সন্ধা প্ৰংসগ ,জপ অনুষ্ঠিত হয় ৷ অন্যহাতে,কাইলৈ ২৫ জানুৱাৰীত পুৱা প্ৰাতঃ প্ৰসংগ,শৰাই অৰ্চন,ভকত বৈষ্ণৱ আদৰণি,তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা,দুপৰীয়া খোল প্ৰসংগ আৰু মধ্যাহ্ন প্ৰসংগ অনুষ্ঠিত হ'ব ৷ বিয়লি ২বজাৰ পৰা ধৰ্মালোচনী সভাত একশৰণ ভাগতৱী সমাজৰ উপাচাৰ্য মহিধৰ দাস আতাঁৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভাত বালিৰাম দাস আতা,প্ৰধান সচিব জীৱন কাকতি,মোলান দাস আতৈ, নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,বিধায়ক শশীকান্ত দাকে ধৰি বিশিষ্ট বহু গণ্যমান্য লোকে অংশগ্ৰহণ কৰিব ৷ সন্ধিয়া ৫বজাত বন্তি প্ৰজ্বলন,৭ বজাত গুণমালা কীৰ্তন,৮ বজাত পালনামৰ শৰাই অৰ্চন,নিশা খোল প্ৰসংগ আৰু মহাপাল নাম আৰম্ভ হ'ব ৷

Also Read: ৰাছিয়াৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্তঃ ৬৫ ইউক্ৰেইনৰ যুদ্ধ বন্দীসহ ৭৪ জনৰ মৃত্যু

palnaam bebejiya