টি-২০ বিশ্বকাপঃ কাইলৈ বিশ্বকাপৰ ফাইনেলত পাকিস্তান-ইংলেণ্ড...

সময়ে ক'ব কাইলৈৰ মেচত কোন হ'ব বিশ্ব চেম্পিয়ন ইংলেণ্ড নে পাকিস্তান !

author-image
Asomiya Pratidin
New Update
টি-২০ বিশ্বকাপঃ কাইলৈ বিশ্বকাপৰ ফাইনেলত পাকিস্তান-ইংলেণ্ড...

প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ সম্প্ৰতি সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগী ক্ৰিকেট জ্বৰত আক্ৰান্ত।কিয়নো অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে এই বৰ্ষৰ টি-২০ বিশ্বকাপ। দেওবাৰে বিশ্বকাপৰ ফাইনেল মেচ। কাইলৈৰ মেচখনে নিৰ্ধাৰণ কৰিব কোন হ'ব বিশ্ব চেম্পিয়ন বাবৰ আজমৰ দল পাকিস্তান নে বাটলাৰৰ ইংলেণ্ড !

Advertisment

অষ্ট্ৰেলিয়া,ভাৰত,দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ দৰে শক্তিশালী দলক বিদায় দিছে অষ্ট্ৰেলিয়াৰ মাটিয়ে। কাক সহায় কৰিব অষ্ট্ৰেলিয়াৰ মাটিয়ে তাকেলৈ ক্ৰিকেট অনুৰাগীৰ জল্পনা-কল্পনা।

উল্লেখ্য যে, লীগ পৰ্যায়ৰ মেচত আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰি একপ্ৰকাৰ টালি-টোপালা বান্ধি ঘৰমুৱা হোৱাৰ উপক্ৰম হৈছিল এছিয়া মহাদেশৰ দেশ পাকিস্তানৰ। কিন্তু পৰৱৰ্তী পৰ্যায়ৰ মেচত পাকিস্তানে স্ব-মহিমাৰে উজলি ছেমি ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনললৈ প্ৰথমটো দল হিচাপে স্থান নিশ্চিত কৰিছিল। য'ত লীগৰ একাধিক মেচত শোচেনীয় প্ৰদৰ্শন দাঙি ধৰা অপেনাৰদ্বয় বাবৰ-ৰিজৱান তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।ছেমি ফাইনেলত সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি স্ব-মহিমাৰে উজলি উঠিছিল দুয়োগৰাকী প্ৰতিভাৱান বেটছমেনে।

ফাইনেলত পাকিস্তান-ইংলেণ্ড
ফাইনেলত পাকিস্তান-ইংলেণ্ড

আনহাতে জছ বাটলাৰ নেতৃত্বাধীন ইংলেণ্ডেও ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে ১০ উইকেট ১৬ অভাৰত জয়লাভ কৰি দ্বিতীয়টো দল হিচাপে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল। উক্ত মেচত দৰ্পচূৰ্ণ হৈছিল ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতৰ। যাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি একাংশ প্ৰাক্তন ক্ৰিকেটাৰকে ধৰি ক্ৰিকেট অনুৰাগীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আছে ভাৰতীয় ক্ৰিকেট দলটো। সেই অনুসৰি ইংলেণ্ড দলটো সুন্দৰ ফৰ্মত। যিকোনো মুহুৰ্ততে অঘটন ঘটোৱাৰ সম্ভৱনা আছে। গতিকে সেয়া সময়ে ক'ব কাইলৈৰ মেচত কোন হ'ব বিশ্ব চেম্পিয়ন ইংলেণ্ড নে পাকিস্তান !

আৰু পঢ়কঃ জোনাইৰ নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ...

england ICCT20WC22 cricket pakistan