শেনছোৱাত পথ দুৰ্ঘটনা, ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ

নগাঁও জিলাৰ বেবেজীয়া সমীপৰ শেনছোৱাত পুৰণি ৩৭নং ৰাষ্ট্ৰীয় পথত বৃহস্পতিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়া সমীপৰ শেনছোৱাত পুৰণি ৩৭নং ৰাষ্ট্ৰীয় পথত বৃহস্পতিবাৰে বিয়লি এক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে বেবেজীয়া দিশৰ পৰা নগাঁও চহৰ অভিমুখে আহি থকা এখন দ্ৰুতবেগী ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা অহা এখন আই ২০ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

এ এছ ০২ ই - ৯৯৯২ নম্বৰৰ ট্ৰাকখনৰ লগত এ এছ ০১ডি এম ৭৫৫৮ নম্বৰৰ আই ২০ বাহনখনৰ মুখামুখি সংঘৰ্ষ হয়। আই ২০ বাহনখনৰ সন্মুখ ভাগৰ কিছু অংশ ট্ৰাকখনত সোমাই যায়। অৱশ্যে দুয়োখন বাহনৰ চালক আৰু আৰোহী সৌভাগ্যক্ৰমে কথমপি ৰক্ষা পৰে। পিছত যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ তদাৰক কৰে।

Also Read: দেশৰ বাবে সেৱা আগবঢ়াবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল অসমৰ সেনা জোৱান, আহিল কেৱল তেওঁৰ সা-সামগ্ৰী...

road accident