সমাজকৰ্মী খগেশ্বৰ নাথৰ মৃত্যু

সমাজকৰ্মী খগেশ্বৰ নাথৰ মৃত্যু

author-image
asomiyapratidin
New Update
সমাজকৰ্মী খগেশ্বৰ নাথৰ মৃত্যু

ডিজিটেল সংবাদ ,বেবেজীয়া: নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চমুৱাগাওঁ নিৱাসী খগেশ্বৰ নাথৰ বৃহস্পতিবাৰে নিশা তেজপুৰ কৰ্কট চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি হয় ৷

Advertisment

দীৰ্ঘদিন ধৰি লোকজন কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন লৈ আছিল। অঞ্চলৰ এজন সমাজকৰ্মী হিচাপে সদায়েই আগৰণুৱা প্ৰয়াত খগেশ্বৰ নাথ এজন সজাগ সচেতন লোক আছিল ৷

অমায়িক,মৃদুভাষী,পৰোপকাৰী খগেশ্বৰ নাথে মৃত্যুৰ সময়ত পত্নী,একমাত্ৰ জীয়ৰীসহ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে ৷ লোক জনৰ মৃত্যুত সমগ্ৰ চমুৱাগাওঁ অঞ্চলতে গভীৰ শোকঁৰ ছাঁ পৰিছে ৷

আৰু পঢ়ক:বিজেপিৰ জালত আৱদ্ধ সকলো! বিৰোধিয়ে ভোট দিব শাসকীয় পক্ষক…

assam Bebejia